যোৱা দুমাহ ধৰি বন্ধ হৈ আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চাউল , আটা বিতৰণ কাৰ্যসূচী । কৰ’না মহামাৰীৰ এনে দুৰ্যোগৰ সময়তো প্ৰায় ৫৯ লাখ হিতাধিকাৰীয়ে বিনামূলীয়া চাউল লাভৰপৰা বঞ্চিত হৈছে । কামৰূপ মেট্ৰ জিলাক বাদ দি ৰাজ্যৰ অন্য জিলাসমূহত ব্যাহত হৈ আছে ৰাজহুৱা বিতৰণ ব্যৱস্থা ।
দৈনিক জনমভূমি কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যি সময়ত প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ যোজনাৰ দৰে অভিলাষী আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাইছে , সেই সময়তে এন এফ এছ অৰ্থাৎ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰী বিতৰণ বন্ধ হৈ থকা কাৰ্যই তাৎপৰ্য বহন কৰিছে ।
উল্লেখযোগ্য যে যোৱা ২৬ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাদ্য অসামৰিক যোগান আৰু সমবায় বিভাগক ৰাজহুৱা বিতৰণ ব্যৱস্থাত আহি পৰা জটিলতা আঁতৰাবলৈ নিৰ্দেশ দিছিল । প্ৰয়োজনত এই সম্পৰ্কীয় বিধি সংশোধন কৰাৰ বাবেও নিৰ্দেশ দিছিল । কিন্তু বিভাগটোৱে বিগত দুটা সপ্তাহ তেনে ধৰণৰ কোনো তৎপৰতা প্ৰদৰ্শন কৰা দেখা নগ’ল ।
আনহাতে গাঁও পঞ্চায়ত সমবায় সমিতিসমূহক বাজেটৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এই আশ্বাসৰ পাচতো এইক্ষেত্ৰত সমবায় সমিতিৰ অধিকাংশই সহযোগিতা কৰা নাই বুলি উল্লেখ কৰা হৈছে কাকতখনত ।
উল্লেখ্য যে সমবায় সমিতিসমূহৰ অসহযোগিতাৰ বাবেহে হিতাধীকাৰীসকল বঞ্চিত হৈছে প্ৰাপ্যৰ পৰা । সমবায় সমিতি সমূহে অনাদায় পৰিবহণ ব্যয় নোপোৱাত সামগ্ৰী নুঠোৱাৰ সিদ্ধান্তৰ বাবে এনে দুৰ্যোগৰ সময়তো দৰিদ্ৰ লোকসকলে লাভ কৰা নাই এন এফ এছৰ চাউল ।
সাম্প্ৰতিক পৰিস্থিতিত খাদ্য অসামৰিক বিভাগে কি ভূমিকা লয় সেই কথাহে লক্ষণীয় হ’ব ।