২০ বছৰীয়া এজন ছাত্ৰই ‘বেড বাথ এণ্ড বিয়ণ্ড’ সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰি মাত্ৰ ১ মাহৰ ভিতৰত লাভ কৰিলে প্ৰায় ১০০০ কোটি টকা ।
শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি যিকোনো সময়তে ভাগ্য সলনি হ’ব পাৰে মানুহৰ৷ যিদৰে মাৰ্কিন সংস্থা ‘বেড বাথ এণ্ড বিয়ণ্ড’ৰ শ্বেয়াৰত ধন বিনিয়োগ কৰি একে ৰাতিতে ধনী হ’ল এজন মাৰ্কিন যুৱক।
২০ বছৰীয়া জেক ফ্ৰিমেন নামৰ এজন ছাত্ৰই ‘বেড বাথ এণ্ড বিয়ণ্ড’ সংস্থাৰ শ্বেয়াৰত ২ কোটি টকা বিনিয়োগ কৰিছিল আৰু মাত্ৰ ১ মাহৰ ভিতৰত ছাত্ৰজনে প্ৰায় ১০০০ কোটি টকা পালে যি কথা টুইটাৰ যোগে জানিবলৈ দিছে যুৱকজনে।উল্লেখ্য যে নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰে ‘বেড বাথ এণ্ড বিয়ণ্ড’ সংস্থাই ।
ফ্ৰিমেনে টুইটাৰত এই কথা সদৰি কৰিছে যে ১২ বছৰ বয়সৰ পৰাই ফাইনেন্স আৰু ইনভেষ্টমেণ্টৰ বিষয়ত তেওঁ অত্যন্ত আগ্ৰহী আছিল। ফাইনেন্স ইণ্ডাষ্ট্ৰীত ফ্ৰিমেনে ১২ বছৰ বয়সৰ পৰা কাম কৰা আৰম্ভ কৰিছিল। অৱশ্যে ২০ বছৰীয়া জেক ফ্ৰিমেন এতিয়া আমেৰিকাৰ ইউনিভাৰ্ছিটী অব ছাউডাৰ্ন কেলিফৰ্ণিয়াৰ অংক আৰু অৰ্থনীতি বিষয়ত অধ্যয়নৰত। পঢ়া–শুনা কৰাৰ লগতে ধন উপাৰ্জন কৰাৰ উদ্দেশ্যে এই সংস্থাৰ শ্বেয়াৰত টকা বিনিয়োগ কৰিছিল যুৱকজনে। অৱশ্যে বিনিয়োগ কৰিবলৈ ২ কোটি টকা ক’ৰ পৰা পালে সেই বিষয়ে কোনো তথ্য সদৰি কৰা নাই ফ্ৰিমেনে।