দুচকীয়া আৰু তিনিচকীয়া বাহন কোম্পানী বাজাজ অটোয়ে আজি গুৱাহাটীত মুকলি কৰিছে সম্পূৰ্ণ নতুন পালছাৰ এন ১৫০। সর্বোৎকৃষ্ট পালছাৰ এন২৫০ আৰু অবিশ্বাস্যভাৱে সফল পালছাৰ এন১৬০ কে ধৰি যোৱা ১৮ মাহত মুকলি কৰা ২০ টা মডেলৰ ভিতৰত পালছাৰ এন১৫০ হৈছে সম্প্ৰসাৰিত পালছাৰ পৰ্টফলিঅ’ত আন এক সংযোজন ৷পা ৷
“মাছকুলাৰ” টেংকিৰ বিপৰীতে এটা চিকচিকিয়া, ষ্টাইলিছ “ৱেইষ্ট” অংশ ষ্টেপ চিটলৈকে বিস্তৃত হৈ এটা আকৰ্ষণীয় লুক প্ৰদান কৰিছে ৷ ইয়াত থকা স্প’ৰ্টিয়াৰ আণ্ডাৰবেলি এক্সজেষ্টে অধিক আৰ পি এম উৎপন্ন কৰে। বেলিপেন, ফ্ৰন্ট ফেয়াৰিং আৰু ফ্ৰন্ট ফেণ্ডাৰৰ দৰে যন্ত্ৰাংশই ইয়ক অধিক আকৰ্ষণীয় ৰূপ প্ৰদান কৰিছে ৷
বাজাজ অটো-মটৰ চাইকেলৰ অধ্যক্ষ –ছাৰং কানাডে কয়, “বিশ বছৰ পূৰ্বে আমি প্ৰথমখন পালছাৰ ১৫০ চিচি মটৰ চাইকেল মুকলি কৰিছিলো, যিয়ে এণ্ট্ৰি লেভেল স্প’ৰ্ট বাইকিং ছেগমেণ্ট দখল কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা ১৫০ চিচি মটৰ চাইকেল হৈ পৰিছে। এন১৫০ৰ জৰিয়তে পালছাৰে পুনৰ নিজৰ আটাইতকৈ ডাঙৰ আৰু সাহসী অৱতাৰৰ জৰিয়তে ৰাজপথ দখল কৰিবলৈ সক্ষম হ’ব । ইয়াৰ ষ্টাইলিং, ছেগমেণ্ট-লিডিং বৈশিষ্ট্য, চমৎকাৰ অন-ৰোড পাৰফৰমেন্স আৰু অবিশ্বাস্যভাৱে আকৰ্ষণীয় মূল্যই ইয়াক পালছাৰ পৰিয়ালৰ বাবে এক মূল্যৱান সংযোজন কৰি তুলিছে। আমাৰ লক্ষ্য হৈছে ৰাইডিঙৰ আনন্দক সকলোৰে বাবে সুলভ কৰি তোলা আৰু এই নতুন বাইকখন সেই উদ্দেশ্যৰ প্ৰমাণ।“ ইয়াৰ মূল্য ১,১৯,০৮৫টকা এক্স-শ্ব’ৰুম (গুৱাহাটী)
পাৰফর্মেন্স: আকৰ্ষণীয় ১৪.৫ পিএছ পাৱাৰ আৰু ১৩.৫ এনএম টৰ্কৰ সৈতে নতুন বাজাজ পালছাৰ এন১৫০ দুই চকাৰ ওপৰৰ এক পাৱাৰহাউছ ৷ ইয়াৰ বহল টৰ্ক বেণ্ড, যিয়ে সমগ্ৰ আৰ পি এম ৰেঞ্জত, তলৰ পৰা ওপৰলৈকে প্ৰচুৰ ব্যৱহাৰযোগ্য টৰ্ক প্ৰদান কৰি ইয়াক পৃথক কৰি তোলে ৷ এই মটৰ চাইকেলৰ জৰিয়তে আৰোহীয়ে যিকোনো অৱস্থাতে ৰোমাঞ্চকৰ প্ৰদৰ্শন আৰু অনায়াসে গতিশীলতাৰ অভিজ্ঞতা লাভ কৰিব পাৰে। যেতিয়া আৰোহীৰ সুৰক্ষাৰ বিষয়ে বিবেচনা কৰা হয় তেতিয়া পালছাৰ এন ১৫০ য়ে এক সুকীয়া স্থান লাভ কৰে। চিংগল চেনেলৰ এবিএছে উচ্চমানৰ ব্ৰেকিং নিয়ন্ত্ৰণ আৰু চকাৰ খোপনি প্ৰদান কৰে ৷ যিয়ে আৰোহীক যিকোনো ৰুক্ষ পথত মসৃণভাৱে গতি কৰাৰ নিশ্চিতি প্ৰদান ৷ শক্তি, নিখুঁততা আৰু সুৰক্ষাৰ এক সুষম মিশ্ৰণে পালছাৰ এন১৫০-এ আৰোহনৰ অভিজ্ঞতাক নতুন উচ্চতালৈ লৈ যায়।
বৈশিষ্ট্যসমূহ: উদ্ভাৱন আৰু প্ৰদর্শন উদযাপন কৰি, নতুন বাজাজ পালছাৰ এন১৫০-এ শৈলী আৰু কাৰ্য্যক্ষমতাৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰে। ইয়াৰ অত্যাধুনিক বৈশিষ্ট্যসমূহৰ ভিতৰত আছে উচ্চমানৰ হেণ্ডলিঙৰ বাবে পিছফালে এটা নিখুঁত অভিযন্তাযুক্ত মনো-শ্বক ছাচপেনচন, এটা স্প’ৰ্টী আণ্ডাৰবেলি এক্সজেষ্ট যিয়ে ইয়াৰ নান্দনিকতা বৃদ্ধি কৰাই নহয়, পার্ফমেন্স বৃদ্ধি কৰে ৷ ছেগমেণ্ট-ফাৰ্ষ্ট এল ই ডি প্ৰজেক্টৰ হেডলেম্প পথত আৰোহীক জ্জ্বল পোহৰ প্ৰদান কৰিব ৷ পালছাৰ এন১৫০ বাজাজৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাৰ সঁচা প্ৰমাণ। বহল ১২০ ক্ৰছ-ছেকচনসহ পিছফালৰ টায়াৰে খোপনি আৰু স্থিৰতা প্ৰদান কৰে, যিয়ে ৰাইডাৰসকলক যিকোনো পথ জয় কৰাৰ আত্মবিশ্বাস প্ৰদান কৰে।
ষ্টাইলঃপালছাৰ এন১৫০ক ‘চাৰ্জিকেল প্ৰিচিচন’ আৰু ‘কনট্ৰাষ্টিং ফিনিচ’ থিমৰ পৰা অনুপ্ৰাণিত হৈ গ্রাফিক ডিজাইনৰ সৈতে সযতনে তৈয়াৰ কৰা হৈছে ৷ ই এক সুদৃশ্য মাষ্টাৰপিছ যিয়ে কেৱল দৃষ্টি আকৰ্ষণ কৰাই নহয়, মটৰ চাইকেলৰ নান্দনিকতাৰ ক্ষেত্ৰতো এক নতুন মাপকাঠী স্থাপন কৰিব। কেইবাটাও ৰোমাঞ্চকৰ বৈশিষ্ট্য আৰু নতুন স্তৰৰ পৰিশোধনে পালছাৰ এন১৫০-এ ব্ৰেণ্ডৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব।