ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠান চমুকৈ আইআই আৰু প্ৰধানমন্ত্ৰী বন-ধন যোজনাৰ হৈ ত্ৰিছম ব্ৰেণ্ডে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভোগালী মেলাত অংশগ্ৰহণ কৰিছে। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ উদ্যোগত দীঘলীপুখুৰী পাৰত ১১ আৰু ১২ জানুৱাৰী,২০২৩ ত অনুষ্ঠিত ভোগালী মেলা , ১১ -১৪ জানুৱাৰীলৈ ধেমাজিৰ কর্টগ্ৰাউণ্ডত অনুষ্ঠিত আত্মনির্ভৰ ধেমাজি মহোৎসৱ,নেডফিৰ ভোগালী মেলাত ব্ৰেণ্ডটোৱে অংশগ্ৰহণ কৰিছে ৷ভোগালী মেলাত অংশগ্ৰহণ কৰাৰ উপৰিও ত্ৰিছমে গুৱাহাটীৰ লালমাটিৰ আই আই ই চৌহদ, অসম সচিবালয়, দিছপুৰ, আৰু দীপৰ বিলত বিপনী স্থাপন কৰিছে। ইয়াৰ উপৰিও গুৱাহাটীৰ গেমছ ভিলেজ আৰু ভেটাপাৰা চাৰিআলি অঞ্চলতো বিপনী স্থাপন কৰা হৈছে। ওদালগুৰি জিলাৰ বন ধন গোটসমূহেও তেওঁলোকৰ অঞ্চলত আয়োজন কৰা প্ৰাক ভোগালী মেলাত অংশগ্ৰহণ কৰিছে। ব্ৰেণ্ডটোৱে ভোগালী মেলাসমূহত গুড়, মুৰি, পিঠা, লাডু, ক’লা ধানৰ চিৰা, জহাধানৰ চিৰা, বৰা চাউল,তিল সান্দহ আদি প্ৰদর্শন কৰি গ্ৰাহকৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰিছে ৷ ইতিমধ্যে তেওঁলোকে সহাঁৰিও লাভ কৰিছে ৷
‘প্ৰধানমন্ত্ৰী বন ধন যোজনা’ হৈছে বনাঞ্চলসমূহত বাস কৰা লোকসকলৰ বাবে গ্ৰহণ কৰা এখন আঁচনি ৷ যাতে তেওঁলোকে প্ৰাকৃতিকভাৱে উপলব্ধ বনজ সামগ্ৰী সংগ্ৰহ কৰি জীৱিকাৰ বাবে সংসাধন কৰিব পাৰে। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে পোনপটীয়াকৈ এই আঁচনিখন পৰিচালনা কৰে আৰু জনজাতীয় হিতাধিকাৰীৰ বাবে বহনক্ষম জীৱিকা গঢ়ি তোলাই ইয়াৰ লক্ষ্য। এই প্ৰকল্পটো এপিটিডিচিৰ লগতে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ (ভৈয়াম),ন’ডেল এজেন্সী হিচাপে কাম কৰি আহিছে । আঁচনিখনৰ সঠিক ৰূপায়নৰ বাবে আই আই ইক সম্পদ সংস্থা হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে ৷ ট্ৰাইফেড হৈছে প্ৰকল্পটোৰ পৃষ্ঠপোষক সংস্থা।
আঁচনি আৰু অভিযানক প্ৰতিনিধিত্ব কৰিবলৈ ইয়াক ‘ত্ৰিছম – অসমৰ জনজাতিসকলৰ পৰা,বিশ্বলৈ সোৱাদ ’ বুলি নামাকৰণ কৰা হৈছে ৷ যাৰ অধীনত জনজাতীয় হিতাধিকাৰীসকলে উৎপাদিত সামগ্ৰীসমূহৰ বিপনন কৰা হৈছে।