বেংক জালিয়াতিৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে দেশৰ এন্ড্ৰয়ড ব্যৱহাৰকাৰীসকললৈ।কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা ’ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি ৰেছপনছ টীমে’ দিয়া সতৰ্কবাণীত ড্ৰিনিক নামৰ এটা মালৱেৰৰ জৰিয়তে অপৰাধীচক্ৰই এন্ড্ৰয়ড ব্যৱহাৰকাৰী সকলৰ বেংকৰ গুৰুত্বপূৰ্ণ তথ্য-পাতি চুৰ কৰি আহিছে বুলি সদৰি কৰিছে।
বৰ্তমান এই চক্ৰটোৱে ভাৰতৰ ২৭ টাকৈ বেংকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলিও সদৰি কৰিছে সংস্থাটোৱে।তথ্য অনুসৰি ড্ৰিনিক এড্ৰয়ড মালৱেৰে ইনকাম টেক্স বাৰ্তাৰ ৰূপত ব্যৱহাৰকাৰীৰ ম’বাইলত প্ৰৱেশ কৰি বেকিং ট্ৰ’জানে ফিচিঙৰ জৰিয়তে বেংকৰ তথ্য-পাতি চুৰ কৰে।
লগতে এই ব্যৱহাৰকাৰীসকলে ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ নামত কৰ ৰিফাণ্ডৰ এটা ভুৱা ৱেবছাইট লিংক লাভ কৰে।যি লিংকত ব্যৱহাৰকাৰীসকলে ব্যক্তিগত তথ্য-পাতি উল্লেখ কৰিবলৈ কোৱাৰ লগতে এ পি কে ফাইল এটা ডাউনলোড কৰিবলৈ দিয়া হয়।
এই এ পি কে ফাইলটো ডাউনলোড হোৱাৰ পিছত আয়কৰ বিভাগৰ এপ্লিকেশ্যনসদৃশ এটা ভুৱা এপ্লিকেশ্যনৰ জৰিয়তে এই চক্ৰটোৱে ব্যৱহাৰকাৰীজনৰ পৰা বেংকৰ সকলো তথ্য চুৰ কৰে।
এই সমগ্ৰ তথ্য ফাদিল হোৱাৰ পিছত কেন্দ্ৰীয় সংস্থাটোৱে এন্ড্ৰয়ড ব্যৱহাৰকাৰীসকলক অধিক সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়াৰ লগতে এনেধৰণৰ কোনো ভুৱা লিংকত ক্লিক নকৰিবলৈ অনুৰোধ জনাইছে।লগতে ব্যৱহাৰকাৰীসকলক গুগল প্লে ষ্ট’ৰৰ বাহিৰে অন্য উৎসৰ পৰা কোনো এপ্লিকেশ্যন ডাউনলোড নকৰিবলৈ আহ্বান জনাইছে।