অৰুণোদয় আঁচনি সন্দৰ্ভত এইবাৰ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ক’লে ,’অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ’ব বহু লোকৰ নাম ‘ ৷
২০২২ বৰ্ষৰ ৭ জুলাইৰ পৰা অসমত আৰম্ভ হ’ব ‘অৰুণোদয় সপ্তাহ’ ৷ সেয়েহে অৰুণোদয় সপ্তাহ উপলক্ষে অঁচনিখনক সফল আৰু সৰ্বাংগ সুন্দৰ কৰি আগবঢ়াই লৈ যাবলৈ ৰাজ্য চৰকাৰে লৈছে এক অভিনৱ পদক্ষেপ ৷ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ’ব পূৰ্বৰ বহু হিতাধিকাৰীৰ ৷নতুনকৈ চাকৰি পোৱালোক সকলে এৰিব লাগিব এই আঁচনি ৷
উল্লেখযোগ্য যে ২০হাজাৰ এন চি চি কেডেটে ৰাজ্যখনৰ ঘৰে ঘৰে চলাব এই অভিযান ৷ প্ৰতিখন গাঁৱৰ বিপৰীতে যাব তিনিজনকৈ কেডেটৰ একো একোটা দল ৷ আনহাতে নাম কৰ্তন হোৱা সকলৰ বিপৰীতে আঁচনিত অন্তৰ্ভুক্ত হ’ব নতুন হিতাধিকাৰীৰ নাম ৷