চি এন জিৰ মূল্যবৃদ্ধিয়ে সাধাৰণ খাতি খোৱা মানুহ আৰু অট’চালক সকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে (আইজিএল) আজি পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ দিল্লী-এনচিআৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত চিএনজিৰ মূল্য বৃদ্ধি কৰিছে। শেহতীয়াকৈ প্ৰতি কিলোগ্ৰামত ২ টকা ব্যয়বহুল হৈ পৰিছে চি এন জি । দিল্লীত প্ৰতি কিলোগ্ৰামত ৭৫.৬১ টকাকৈ বিক্ৰী হৈ থকাৰ লগতে নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদত এই গেছ প্ৰতি কিলোগ্ৰামত ৭৮.১৭ টকাত বিক্ৰী হৈ আছে। গুৰুগ্ৰামত প্ৰতি কিলোগ্ৰামত ৮৩.৯৪ টকাত বিক্ৰী হৈছে চিএনজি ৷ অৱশ্যে সকলো স্থানৰ ভিতৰত চি এন জিৰ সৰ্বাধিক মূল্য হৈছে ৰাজধানী চহৰ দিল্লীত।
ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে দিল্লীৰ কাষৰীয়া আন অঞ্চলসমূহত চিএনজিৰ মূল্য বৃদ্ধিৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে। উদাহৰণ স্বৰূপে এতিয়া ৰেৱাৰীত প্ৰতি কিলোগ্ৰামত ৮৬.০৬ টকাত বিক্ৰী হৈ আছে এই গেছ । ইফালে, কৰ্ণাল আৰু কৈথালত গেছৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮৪.২৭ টকালৈ বৃদ্ধি পাইছে।
লগতে কাণপুৰ, হামিৰপুৰ আৰু ফতেহপুৰত চিএনজিৰ মূল্য এতিয়া প্ৰতি কিলোগ্ৰামত ৮৭.৪০ টকা। ইফালে আজমেৰ, পালি আৰু ৰাজচামান্দত গেছৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮৫.৮৮ টকালৈ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে ইউক্ৰেইনত ৰাছিয়াৰ হস্তক্ষেপৰ মাজতেই বিশ্বব্যাপী তেল আৰু গেছৰ মূল্য বৃদ্ধিৰ পটভূমিত চিএনজিৰ মূল্য বৃদ্ধি পাইছে। অক্টোবৰ ২০২২ৰ পৰা গেছ বিতৰক সকলে নিয়মীয়াকৈ চিএনজি আৰু পিএনজিৰ মূল্য বৃদ্ধি কৰিছে, যাৰ ফলত দিনকদিনে উচ্চ মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা সাধাৰণ মানুহৰ সমস্যা বৃদ্ধি হৈছে।
যোৱা মাহত, মহানগৰ গেছ লিমিটেডে (এমজিএল), ২০২২ চনৰ ৩০ এপ্ৰিলত চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪ টকা বৃদ্ধি কৰিছিল ৷ ২০২২ চনৰ ৬ এপ্ৰিলৰ পৰা তৃতীয়বাৰৰ বাবে হোৱা গেছৰ মূল্য বৃদ্ধিত চিএনজি এতিয়া মুম্বাই আৰু ইয়াৰ আশে পাশে ৭৬ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী হৈ আছে।
চিএনজিৰ মূল্য বৃদ্ধিয়ে চিএনজি গাড়ীৰ মালিক আৰু অট’ চালকসকলক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে। অট’ চালকসকলে শেহতীয়াকৈ উদ্বেগ প্ৰকাশ কৰি কৈছে যে মূল্য বৃদ্ধিয়ে তেওঁলোকৰ জীৱনক প্ৰভাৱিত কৰিছে কাৰণ তেওঁলোকৰ উপাৰ্জনৰ বেছিভাগ বাহনখনত ইন্ধন ভৰাবলৈ ব্যয় কৰা হয়।