পুনৰ টুইটাৰৰ ল’গ’ সলনি কৰিলে ইলন মাস্কে। টুইটাৰত নতুনকৈ ব্যৱহাৰ হোৱা কুকুৰৰ ল’গ’টোৰ ঠাইত পুনৰ ঘূৰি আহিছে আগৰ নীলা চৰাইৰ ল’গ’টো । মাত্ৰ তিনিদিন পূৰ্বে নীলা চৰাইটো আঁতৰাই কুকুৰৰ ল’গ’ বনাইছিল ইলন মাস্কে । অৱশ্যে এই পৰিৱৰ্তন টুইটাৰত কেৱল ৱেব সংস্কৰণতহে কৰা হৈছিল।
এতিয়া পুনৰ নীলা চৰাইৰ ল’গ’টো ঘূৰাই অনা হৈছে আৰু সেয়েহে ৱেব আৰু এপ দুয়োটাতে নীলা চৰাইৰ এই ল’গ’ দেখা পোৱা গৈছে। আনহাতে ল’গ’ সলনি হোৱাৰ পিছত ক্ৰিপ্টোকাৰেন্সী ডজক’ইন ১০% লৈ হ্ৰাস পাইছে।
আচলতে এই ‘ডজ’ ডজকইন ক্ৰিপ্টো মুদ্ৰাৰ আইকণ। ডজকইনৰ অন্যতম সমৰ্থক ইলন মাস্ক। যি ‘ডজ’ৰ মিম ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে নেটিজেন সকলৰ মাজত ৷
উল্লেখনীয় যে মাস্কে ফেব্ৰুৱাৰী মাহতেই ল’গ’ সলনি কৰাৰ ইংগিত দিছিল।কিন্তু টুইটাৰৰ ল’গ’ সলনি হোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকলে আচৰিত হৈ এই পৰিৱৰ্তনক লৈ ইজনে সিজনক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল। ব্যৱহাৰকাৰীসকলে ভাবিছিল যে কোনোবাই টুইটাৰ হেক কৰিছে। অৱশ্যে কিছু সময়ৰ পিছতে ইলন মাস্কে এটা টুইট কৰি স্পষ্ট কৰিছিল যে টুইটাৰে নিজৰ ল’গ’ সলনি কৰিছে। অৱশ্যে এতিয়া আকৌ ঘূৰি আহিছে টুইটাৰৰ এই নীলা চৰাইৰ ল’গ’।
টুইটাৰৰ কুকুৰটোৰ নাম কি জানেনে ?
টুইটাৰৰ এই কুকুৰটোৰ নাম কাবোছু ৷ টুইটাৰৰ ল’গ’ সলনি কৰাৰ পিছত ডজক’ইনে টুইট কৰি কয় যে এই কুকুৰটোৰ নাম কাবোছু। ইয়াৰ মালিক আটছুকো ছাটোৰ সৈতে জাপানৰ ছাকুৰাত থাকে। ২০১০ চনত আটছুকো ছাটোৱে তেওঁৰ ব্লগত কাবোছুৰ ফটো আপলোড কৰিছিল। ডজকইনে কয় যে কাবোছু এটা উদ্ধাৰকাৰী কুকুৰ।