কৰ্মচাৰী ভৱিষ্য পুঁজিৰ অধীনত চৰ্তসাপেক্ষে বৰ্ধিত পেঞ্চনৰ বাবে অনলাইন আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ২৬ জুনলৈকে আবেদন কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই সময় ৩ মে’ত শেষ হোৱাৰ কথা আছিল।
কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড কৰ্তৃপক্ষই জনোৱা মতে, ইয়াৰ বাবে ২৬ জুনলৈকে অনলাইন আবেদন কৰিব পাৰিব। যোৱা বছৰৰ ৪ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নতুন ব্যৱস্থাৰ স্বাৰ্থত অতিৰিক্ত (বৰ্ধিত) পেঞ্চনৰ বাবে চাৰি মাহৰ সময় দিছিল। ইয়াৰ পিছত এই সময়সীমা বৃদ্ধি কৰা হ’ল। ইয়াৰ দ্বাৰা বহু শ্ৰমিক উপকৃত হ’ব। সূত্ৰ অনুসৰি বৰ্ধিত পেঞ্চনৰ বাবে এই পৰ্যন্ত ১২ লাখ আৱেদন দাখিল কৰা হৈছে। সময়সীমা বৃদ্ধিৰ লগে লগে সেই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
সংশোধিত ইপিএছ (কৰ্মচাৰী পেঞ্চন আঁচনি) ২০১৪ত পিএফৰ পেঞ্চনযোগ্য দৰমহাৰ উচ্চ সীমা পূৰ্বৰ তুলনাত প্ৰতিমাহে ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। আগতে মাহে ৬৫০০ টকা আছিল। লগতে কোৱা হৈছিল যে যদি কোনো পি এফ সদস্যই ১৫ হাজাৰৰ ওপৰৰ দৰমহাৰ ফালৰ পৰাও পেঞ্চন পাব বিচাৰে তেন্তে তেওঁলোকে নিজৰ মালিকৰ সৈতে যৌথভাৱে ই পি এছক মূল দৰমহাৰ ৮.৩৩ শতাংশ দিব লাগিব। উচ্চতম ন্যায়ালয়ে ২০১৪ চনৰ ইপিএছ সংশোধনীক সমৰ্থন কৰে। মন কৰিবলগীয়া যে বৰ্তমানৰ নিয়ম অনুসৰি কৰ্মচাৰীজনে প্ৰতিমাহে নিজৰ মৌলিক দৰমহা আৰু ডিয়াৰনেছ ভাট্টা ১২ শতাংশ ইপিএফত জমা কৰে। আৰু নিয়োগকৰ্তাই সংশ্লিষ্ট কৰ্মচাৰীজনৰ মৌলিক দৰমহাৰ ১২ শতাংশ দুটা ভাগত বিভক্ত কৰি জমা দিব লাগিব। পি এফত ৩.৬৭ শতাংশ আৰু ই পি এছত ৮.৩৩ শতাংশ।