বিশ্বৰ চতুর্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হ’ল ভাৰতীয় উদ্যোগপতি গৌতম আদানী ৷ আদানীয়ে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে ৷ ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ্ছ লিষ্টত প্ৰকাশ পাইছে এই তথ্য । ৬০ বছৰীয়া আদানীৰ সম্পত্তি বৃহস্পতিবাৰে ১১৫.৫ বিলিয়ন ডলাৰ হয় ৷ ইয়াৰ বিপৰীতে গেটছৰ সম্পত্তিৰ পৰিমান হৈছে ১০৪.৬ বিলিয়ন ডলাৰ।৯০ বিলিয়ন ডলাৰৰ সম্পত্তিৰে মুকেশ আম্বানীয়ে এই তালিকাত দশম স্থান লাভ কৰিছে ৷ টেছলা আৰু স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্কে ২৩৫.৮ বিলিয়ন ডলাৰেৰে তালিকাৰ শীর্ষ স্থান লাভ কৰিছে ৷
উল্লেখ্য যে মাত্ৰ তিনি বছৰতে আদানীয়ে সাতটা বিমানবন্দৰ আৰু ভাৰতৰ বিমান পৰিবহণৰ প্ৰায় এক চতুৰ্থাংশৰ নিয়ন্ত্ৰণ লাভ কৰিছে। তেওঁৰ গ্ৰুপটো বর্তমান দেশৰ সৰ্ববৃহৎ বিমানবন্দৰ পৰিচালক, বিদ্যুৎ উৎপাদক আৰু বেচৰকাৰী খণ্ডৰ গেছৰ খুচুৰা বিক্ৰেতাৰ মালিক।
বৃহস্পতিবাৰে আদানিয়ে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ এটা বন্দৰ ব্যক্তিগতকৰণৰ বাবে গাড’টৰ সৈতে অংশীদাৰিত্বৰে গোটটোৱে নিবিদা লাভ কৰিছে।ইজৰাইলৰ তিনিটা প্ৰধান আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বন্দৰৰ ভিতৰত হাইফা বন্দৰ আটাইতকৈ ডাঙৰ।তদুপৰি আগন্তুক ৫জি নিলামত অংশগ্ৰহণৰ বাবে আদানী ডাটা নেটৱৰ্কছৰ লগতে ৰিলায়েন্স জিঅ’, ভাৰতী এয়াৰটেল আৰু ভোডাফোন আইডিয়াইও আবেদন কৰিছে। ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব এই স্পেকট্ৰম নিলাম ৷