ধন উলিয়াবৰ বাবে আপুনি সঘনাই এটিএম ব্যৱহাৰ কৰে ৷ বহু উদ্যান আদিত হয়তো পানীৰ এটিএমো আপুনি দেখিছে ৷ কিন্তু সোণ লাভৰ বাবে এটিএম ব্যৱহাৰৰ কথা আপুনি শুনিছেনে ?হয়, এতিয়াৰ পৰা এটিএমলৈ গ’লেই গ্ৰাহকে পাব সোণ। এই এটিএমটো হায়দৰাবাদৰ এটা ব্যক্তিগত সংস্থাই মুকলি কৰিছে। সংস্থাটোৰ মতে, গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ‘গোল্ড ভেণ্ডিং মেচিন’ৰ সুবিধা প্ৰৱৰ্তন কৰিছে। ইয়াৰ পূৰ্বে দেশৰ ক’তো সোণৰ এটিএমৰ সুবিধা নাছিল।
এটিএমৰ পৰা সোণ কিনাটো অতি সহজ। ঠিক টকা উলিওৱাৰ দৰেই কাৰ্ড চুইপ কৰিলেই গ্ৰাহকে সোণ ক্ৰয় কৰিব পাৰিব । কিন্তু কেনেদৰে ক্ৰয় কৰিব পাৰিব সোণ জানেনে ?
১) দিনটোৰ ভিতৰত যিকোনো এটিএমত সোণ ক্ৰয় কৰিব পাৰিব।
২) সোণ নগদ ধনেৰে বা ঋণত কিনিব পাৰি। ক্ৰেতাসকলক ক্ৰেডিট আৰু ডেবিট কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
৩) এই ATM ৰ সহায়ত তৎক্ষণাত সোণ কিনিবলৈও সহজ।
৪) বজাৰত প্ৰতিদিনে সোণৰ মূল্যৰ উঠা-নমা কৰা ধৰণেৰে হাৰ নিৰ্ধাৰণ কৰা হ’ব।
৫)এটিএমত কেৱল বিভিন্ন আকাৰ আৰু মূল্যৰ সোণৰ মুদ্ৰাহে গ্ৰহণ কৰা হ’ব। আন একো নাথাকিব।
সোণৰ এটিএম কেনেকৈ ব্যৱহাৰ কৰিব?
এই বিশেষ এটিএমটোৱে আন যিকোনো এটিএমৰ দৰে কাম কৰিব। ঠিক যেনেকৈ টকা উলিয়াব, ডেবিট বা ক্ৰেডিট কাৰ্ড চুইপ কৰি, পিনৰ সহায়ত প্ৰয়োজনীয় পৰিমাণৰ সোণৰ মুদ্ৰা প্ৰৱেশ কৰিলে, সেই পৰিমাণৰ সোণ মেচিনৰ পৰা ওলাই আহিব।