আজি ভাৰতত কিছু হ্ৰাস পাইছে সোণৰ মূল্য। মাল্টি কমোডিটি এক্সচেঞ্জত সোণৰ অক্টোবৰৰ ভৱিষ্যত মূল্য ১.০৭ শতাংশ বা ৫৬২ টকা হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত পূৰ্বৰ ৫২,৫৮৫ টকাৰ বিপৰীতে ৫২,০২৩ টকা হৈছেগৈ । আনহাতে ৰূপৰ ছেপ্টেম্বৰৰ ভৱিষ্যত মূল্য প্ৰতি কিলোগ্ৰামত ১,২৬৬ টকা বা ২.১৪ শতাংশ হ্ৰাস হৈ হৈছেগৈ ৫৮,০১০ টকা ।
আনহাতে এক সংকেত অনুসৰি বিশ্বব্যাপী সোণৰ মূল্য কিছু হ্ৰাস পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোণৰ ভৱিষ্যত মূল্য ০.২% হ্ৰাস হৈ প্ৰতি আউন্সত ১,৭৯৩.৯০ ডলাৰ হৈছে।আনহাতে বিশ্বৰ সোণৰ শীৰ্ষ উপভোক্তা চীনত ঔদ্যোগিক উৎপাদন যোৱা এবছৰৰ পৰা জুলাইত ৩.৮% হাৰত সম্প্ৰসাৰিত হৈছে।
ভাৰতত যোৱা ২৪ ঘণ্টাত বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ কিছু তাৰতম্য দেখা গৈছে।
- চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম)ত সোণৰ মূল্য ৫২,৬১০ টকা আৰু ২২ কেৰেটৰ (১০ গ্ৰাম) মূল্য ৪৯,১৪০ টকা।
- আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত, ২৪ কেৰেট (১০ গ্ৰাম)ৰ সোণৰ হাৰ ৫২,৬৯০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য হৈছে ৪৮,৩০০ টকা।
- কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম)ৰ সোণৰ দাম ৫২,৫৩০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য ৪৮,১৫০ টকা।
- মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫২,৫৩০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৮,১৫০ টকা।