অক্ষয় তৃতীয়াত কিছু হ্ৰাস পাইছে সোণৰ মূল্য ৷ ৩ মে’লৈকে ভাৰতত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য হ’লগৈ ৫১,৩৪০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,০২০ টকা।
যোৱা ২৪ ঘণ্টাত ২৪ কেৰেট আৰু ২২ কেৰেট প্ৰতি ১০ গ্ৰামৰ সোণৰ হাৰ ৭২০ টকা হ্ৰাস পাইছে। কালি, ২৪ কেৰেট সোণৰ হাৰ (১০ গ্ৰাম) হৈছে ৫২,০৬০ টকা আনহাতে ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৬৮০ টকা।
যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ সামান্য তাৰতম্য দেখা গৈছিল। চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম)ত সোণৰ মূল্য ৫২,৯৮০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) হৈছে ৪৮,৫৬৫ টকা।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত, ২৪ কেৰেট (১০ গ্ৰাম)ৰ সোণৰ দাম ৫১,৫১০ টকা আৰু২২কেৰেট (১০ গ্ৰাম) সোণৰ দাম হৈছে ৪৭,২০০টকা। কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম)সোণৰ মূল্য ৫১,৫১০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য হৈছে ৪৭,২০০ টকা। আনহাতে, মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫১,৫১০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,২০০ টকা।
উড়িষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত মঙলবাৰে ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫১,৫১০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,২০০ টকা।