এইবাৰ আকৌ জি এছ টি বৃদ্ধিৰ প্ৰস্তুতি দেশৰ জি এছ টি পৰিষদৰ ৷ ইতিমধ্যেই ১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ চিন্তা চৰ্চা আৰম্ভ হৈছে ৷ ৷ ৫ৰ পৰা ২৮% পৰ্যন্ত বিভিন্ন সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰিব জি এছ টি পৰিষদে ৷ ৯২% সামগ্ৰীত ২৮% পৰ্যন্ত জি এছ টি বৃদ্ধি কৰা হ’ব বুলি শেহতীয়াকৈ জানিব পৰা গৈছে৷
বিভিন্ন সামগ্ৰী যেনে – ৰঙীন টিভি, চশমা, পাৱাৰ বেংক ,চকলেট ,শ্বুটকেছ,ৱাছ বেচিন ,হেণ্ডবেগ ,ৱাশ্বিং মেছিন ,ঘড়ী,সুগন্ধি আদিত জি এছ টি বৃদ্ধিৰ প্ৰচুৰ সম্ভাৱনা ৷ পূৰ্বতে জিএছ টি নথকা সামগ্ৰী গুড় আৰু পাপৰতো জি এছ টি পৰিষদে এইবাৰ ৫% জি এছ টি আৰোপ কৰাৰ যো-জা চলোৱাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে ৷
২০২২ বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’ব জি এছ টি পৰিষদৰ পৰৱৰ্তী বৈঠক ৷সেয়েহে এই বৈঠকৰ পূৰ্বে ৰাজ্য সমূহৰ পৰা ৰায় বিচাৰিছে জি এছ টি পৰিষদে ৷