টুইটাৰ-ফেচবুক আদিকে ধৰি বহুসংখ্যক বহুজাতিক প্ৰতিষ্ঠানে ব্যয় সংকোচনৰ বাবে কর্মচাৰী চাটাই অভিযান আৰম্ভ কৰিছে ৷ এইবাৰ আন এটা বহুজাতিক প্ৰতিষ্ঠান হিউলেট-পেকাৰ্ড (এইচ পি)-এ কর্মচাৰী চাটাই কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
মঙলবাৰে কম্পিউটাৰ নিৰ্মাতা কোম্পানীটোৱে জনোৱা মতে, ২০২৫ বিত্তীয় বৰ্ষৰ শেষলৈকে ৬ হাজাৰতকৈ অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে ৷ যাৰ ফলত ইয়াৰ বিশ্বব্যাপী কৰ্মশক্তি প্ৰায় ১২% হ্ৰাস পাব।
উল্লেখ্য যে ব্যক্তিগত কম্পিউটাৰ আৰু লেপটপৰ চাহিদা বজাৰত হ্ৰাস পোৱাৰ বাবে সৃষ্টি হোৱা আর্থিক সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ এইচ পিয়ে ৪,০০০ৰ পৰা ৬,০০০ চাকৰি কর্তন কৰিব ৷ বৰ্তমান কোম্পানীটোত প্ৰায় ৫০ হাজাৰ কৰ্মচাৰী আছে।
এইচ পিয়ে আশংকা কৰিছে যে তেওঁলোকৰ সামগ্ৰীৰ বাণিজ্যিক আৰু গ্ৰাহক দুয়োটাৰে চাহিদা আৰু অধিক হ্ৰাস পাব পাৰে ৷এইচ পিৰ মুখ্য বিত্তীয় বিষয়া মেৰী মায়ার্ছে কয় যে ২০ ২২ বিত্তীয় বৰ্ষত তেওঁলোক যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যিসমূহ ২০২৩ বিত্তীয় বৰ্ষতো চলি থাকিব।
কোম্পানীটোৱে অনুমান কৰিছে যে পুনৰ্গঠন আৰু অন্যান্য ব্যয়ৰ সৈতে জড়িত খৰচ প্ৰায় ১.০ বিলিয়ন ডলাৰ হ’ব। ইয়াৰে ৬০ কোটি ডলাৰ এইচ পিয়ে ২০২৩ বিত্তীয় বৰ্ষত আৰু বাকীখিনি পৰৱৰ্তী বছৰবোৰত বহন কৰাৰ পৰিকল্পনা কৰিছে।
ব্যক্তিগত কম্পিউটাৰৰ চাহিদাৰ অভাৱে ইণ্টেল কৰ্পকো প্ৰভাৱিত কৰিছে ৷ চিপ নিৰ্মাতা কোম্পানীটোৱে নিজৰ কৰ্মশক্তিৰ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। চলিত বৰ্ষৰ জুলাই মাহলৈকে ইণ্টেলৰ ১,১৩,৭০০ কৰ্মচাৰী আছে।