অৰ্থনীতিৰ ওপৰত ক’ভিড-১৯ৰ প্ৰভাৱৰ বিশ্লেষণত, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ এক প্ৰতিবেদনত মহামাৰীৰ সময়ছোৱাত উৎপাদন লোকচান প্ৰায় ৫২ লাখ কোটি টকা বুলি উল্লেখ কৰা হৈছে ।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰকাশিত এই প্ৰতিবেদনত কোৱা হৈছে যে ক’ভিড মহামাৰীৰ পৰা উদ্ভৱ হোৱা লোকচান দূৰ কৰিবলৈ ভাৰতীয় অৰ্থনীতিয়ে এক দশকৰো অধিক সময় ল’ব পাৰে।
২০২১-২২ বৰ্ষৰ মুদ্ৰা আৰু বিত্ত প্ৰতিবেদন (আৰচিএফ)অনুসৰি ক’ভিড.-১৯ৰ ঢৌৰ বাবে জি.ডি.পি.ৰ ত্ৰৈমাসিক প্ৰৱণতাই মূলতঃ মহামাৰীৰ হ্ৰাস আৰু প্ৰবাহ অনুসৰণ কৰিছে, ২০২০-২১ বৰ্ষৰ প্ৰথম চতুৰ্থাংশত তীব্ৰ সংকোচনৰ পিছত, ২০২১-২২ চনৰ এপ্ৰিল-জুনৰ সময়ছোৱাত দ্বিতীয় ঢৌৰ নহালৈকে অৰ্থনৈতিক গতি ক্ৰমান্বয়ে বৃদ্ধি পাইছিল।
একেদৰে, জানুৱাৰী ২০২২ত কেন্দ্ৰীভূত তৃতীয় ঢৌৰ প্ৰভাৱে পুনৰুদ্ধাৰ প্ৰক্ৰিয়াক আংশিকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল।
চলিত ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ সৈতে, সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু বিশ্বব্যাপী যোগান শৃংখলা ব্যাহত হোৱাৰ জৰিয়তে বিশ্ব ব্যাপী আৰু ঘৰুৱা বিকাশৰ নিম্নমুখী বিপদাশংকা বৃদ্ধি পাইছে বুলি প্ৰতিবেদন খনত উল্লেখ কৰা হৈছে ।
২০১২-১৩ ৰ পৰা ২০১৯-২০ বৰ্ষৰ বাবে প্ৰাক-কোভিড প্ৰৱণতা বৃদ্ধিৰ হাৰ আছিল ৬.৬ শতাংশ আৰু ২০১২-১৩ৰ পৰা ২০১৬-১৭ লৈ মন্দাৱস্থাৰ বছৰবোৰ বাদ দি, ই হৈছে ৭.১ শতাংশ।
আনহাতে “২০২০-২১ বৰ্ষৰ বাবে ৬.৬ শতাংশ, ২০২১-২২ বৰ্ষৰ বাবে ৮.৯ শতাংশ আৰু ২০২২-২৩ বৰ্ষৰ বাবে ৭.২ শতাংশ বৃদ্ধিৰ হাৰ আৰু ইয়াৰ বাহিৰেও ৭.৫ শতাংশ বৃদ্ধিৰে ভাৰতে ২০৩৪-৩৫ বৰ্ষত ক’ভিডৰ লোকচান অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে,” ৷
মহামাৰীৰ সময়ত অতিৰিক্ত ব্যৱস্থা আৰু পদক্ষেপৰ লগতে প্ৰাক-ক’ভিড মন্দাৱস্থাৰ মোকাবিলা কৰিবলৈ আৰম্ভ কৰা সংস্কাৰৰ লাভ্যাংশই অৰ্থনীতিক এক বহনক্ষম উচ্চ বিকাশৰ পথত আৰম্ভ কৰাত সহায় কৰিব বুলি কোৱা হৈছে উক্ত প্ৰতিবেদনখনত ।