এখন এ৩২০ বিমানে সাধাৰণতে ইয়াৰ যাত্ৰীসকলক বিমানখনত উঠিবলৈ বা অৱতৰণ কৰিবলৈ প্ৰায় ১৩ মিনিট সময় লয়। অৱশ্যে, এইবাৰ এক নতুন প্ৰক্ৰিয়াই ইয়াৰ যাত্ৰীসকলৰ অৱতৰণৰ সময় অধিক দ্ৰুততৰ কৰি ১৩ মিনিটৰ পৰা ৭ মিনিটলৈ হ্ৰাস কৰিব ৷
ইণ্ডিগ’ৰ বিমানেৰে যাত্ৰা কৰা বিমান যাত্ৰীসকলে এতিয়া দ্ৰুতগতিত বিমানত উঠিবলৈ আৰু বিমানৰ পৰা অৱতৰণ কৰিবলৈ সক্ষম হ’ব কিয়নো অজিৰ পৰা এয়াৰলাইনটোৱে এক নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিছে যাৰ ফলত যাত্ৰীসকলে প্ৰায় ৬মিনিট দ্ৰুতগতিত বিমানত উঠিব আৰু অৱতৰণ কৰিব পাৰিব। বিমান সংস্থাটোৱে এই প্ৰক্ৰিয়াটো দ্ৰুত কৰিবলৈ দুটা ৰেম্পৰ পৰিৱৰ্তে এইবাৰ তিনিটা ৰেম্প ব্যৱহাৰ কৰিব।
ইণ্ডিগ’ৰ এজন মুখপাত্ৰই কয় যে নতুন অৱতৰণ প্ৰক্ৰিয়াটো দুটা সন্মূখত আৰু এটা পিছফালৰ প্ৰস্থান ৰেম্পৰ দ্বাৰা সম্পন্ন কৰা হ’ব আৰু ইণ্ডিগোই হ’ব এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা প্ৰথম এয়াৰলাইন ৷
এয়াৰলাইনটোৱে ইয়াৰ সকলো এ৩২০ বিমানত ক্ৰমান্বয়ে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বুলি এয়াৰলাইনটোৰ বিষয়াসকলে জানিবলৈ দিয়ে ।
ইণ্ডিগ’ৰ কাৰ্যবাহী উপ-সভাপতি সঞ্জীৱ ৰামদাসে কয় যে তেওঁলোকে দিল্লী, মুম্বাই আৰু বেংগালুৰুত প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে । অহা ৯০ দিনৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে আৰম্ভ কৰাৰ লক্ষ্য ৰাখিছে এয়াৰলাইনটোৱে ।
ইণ্ডিগোৰ ১৮১ খন এ৩২০ বিমান আছে। এই প্ৰক্ৰিয়াটোৱে ইণ্ডিগোৰ এৰোব্ৰিজৰ সকলো বিমানক সহায় কৰিব।
এখন এ৩২০ বিমানে সাধাৰণতে ইয়াৰ যাত্ৰীসকলক বিমানখনত উঠালৈ প্ৰায় ১৩ মিনিট সময় লয়। অৱশ্যে, নতুন প্ৰক্ৰিয়াটোৱে এই প্ৰক্ৰিয়াক আৰু দ্ৰুততৰ কৰিব আৰু এই সময় ১৩ মিনিটৰ পৰা ৭ মিনিটলৈ হ্ৰাস কৰিব বুলিও জানিবলৈ দিয়ে এজন এয়াৰলাইন বিষয়াই।
ইণ্ডিগোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সঞ্চালক ৰণোজয় দত্তই কয় যে এই তিনি দফীয়া প্ৰণালী ব্যৱহাৰ কৰা বিশ্বৰ প্ৰথমটো এয়াৰলাইন হিচাপে তেওঁলোক গৌৰৱান্বিত। আনহাতে তেওঁ কয় যে ইণ্ডিগ’ত, তেওঁলোকে আভ্যন্তৰীণ মানদণ্ডবোৰ নিৰন্তৰ পুনৰ উদ্ভাৱন কৰি গ্ৰাহকসকলক এক অসুবিধা-মুক্ত অভিজ্ঞতা দিবৰ বাবে সদা প্ৰস্তুত ৷