ৰে’লযাত্ৰী সকলৰ বাবে এক সু-খবৰ ৷ ভাৰতীয় ৰে’লৱেয়ে সমগ্ৰ মধ্য ভাৰতৰ সকলো মুখ্য ধৰ্মীয় স্থানক সামৰি ইতিমধ্যে এটা নতুন ভ্ৰমণ পেকেজ ঘোষণা কৰিছে।
আই.আৰ.চি.টি.চি.ৰ শিৰডী আৰু জ্যোতিৰ্লিঙ্গ ভ্ৰমণ যাত্ৰাত প্ৰতিজন সাধাৰণ ব্যক্তিৰ ভাড়া হ’ব ১৮,৪৫০ টকা আৰু আৰামৰ শ্ৰেণীৰ বাবে হ’ব ২৯,৬২০ টকা ৷ যি উজ্জয়িনী (মধ্য প্ৰদেশ), দ্বাৰকাত দ্বাৰিকাধিশ মন্দিৰ আৰু নাগেশ্বৰ জ্যোতিৰ্লিঙ্গ, সোমনাথ (গুজৰাট)ত সোমনাথ জ্যোতিৰ্লিঙ্গ আৰু ১১ দিন আৰু ১০ ৰাতি মনমাদত শিৰডী চাই আৰু ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিঙ্গ দৰ্শনৰ যাত্ৰাক সামৰি ল’ব।
১০ অক্টোবৰ(সোমবাৰ)ৰ পৰা ২০ অক্টোবৰ (বৃহস্পতিবাৰ)লৈ দৰভাংগাৰ পৰা আৰম্ভ হ’বলগীয়া যাত্ৰাৰ বাবে ৰে’লৱেই “স্বদেশ দৰ্শন ৰেল”নামৰ এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে ৷ এচি আৰু নন-এচি দুয়ো ধৰণৰ সুবিধা উপলব্ধ ৰে’লখনৰ বুকিং অনলাইন আৰু অফলাইন দুয়োধৰণেৰে কৰিব পাৰিব যাত্ৰী সকলে ।
আইআৰচিটিচিৰ ভ্ৰমণসূচী অনুসৰি অহা ১২ ৰ পৰা ১৪ অক্টোবৰলৈ উজ্জয়িনীত দুদিন, ১৫ অক্টোবৰত সোমনাথত এদিন, ১৬ অক্টোবৰৰ পৰা ১৭ অক্টোবৰত দ্বাৰকাত দুদিন আৰু ১৮ অক্টোবৰ আৰু ১৯ অক্টোবৰত শিৰডী আৰু নাছিকত এদিন কৈ থাকিব পাৰিব এই বিশেষ ৰে’লখনৰ যাত্ৰী সকলে ।
উল্লেখযোগ্য যে যোৱা মাহত, আইআৰচিটিচিয়ে ২১ জুনৰ পৰা (মঙলবাৰে) “বিশেষ ভাৰত গৌৰৱ” পৰ্যটন ৰেলৰ জৰিয়তে আৰু ১৮ দিনীয়া ‘শ্ৰী ৰামায়ণ যাত্ৰা’ ঘোষণা কৰিছিল। ভগৱান ৰামৰ জীৱনৰ সৈতে সম্পৰ্কিত ঠাইসমূহ সামৰি লোৱা এই যাত্ৰাই ভাৰত আৰু নেপালকো সংযোগ কৰিব।
ইয়াৰ যোগেদি অযোধ্যা, নন্দীগ্ৰাম, বাৰাণসী, প্ৰয়াগৰাজ, শ্ৰীঙ্গাভেৰপুৰ, চিত্ৰকূট, নাছিক, হাম্পি, ৰামেশ্বৰম, কাঞ্চিপুৰম আৰু ভদ্ৰাচলম আদিকো সাঙুৰি লোৱা হ’ব।
উল্লেখযোগ্য যে ভাৰতীয় ৰে’লৱেয়ে যোৱা কেইবছৰমানৰ পৰা দেশৰ সাংস্কৃতিক তথা ধৰ্মীয় স্থানসমূহৰ প্ৰচাৰৰ বাবে ধৰ্মীয় পৰ্যটকৰ পেকেজ উলিয়াই আহিছে।
Cover all the important tourist places in the country. Exciting right? With the IRCTC Shirdi & Jyotirlinga train tour package of 11D/10N starts from ₹18450/- pp* onwards. For details, visit https://t.co/ABYAT7J6Y8 @AmritMahotsav
— IRCTC (@IRCTCofficial) July 4, 2022