দেশখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক প্ৰতিষ্ঠান বন্ধন বেংকে অসমত ব্ৰেণ্ড এম্বেছেডৰ হিচাপে চুক্তিবদ্ধ কৰিছে অসমৰ বিশেষকৈ নতুন প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গক৷ এক বিজ্ঞপ্তি যোগে তেওঁলোকে এই কথা প্ৰকাশ কৰে৷প্ৰতিষ্ঠানটোৰ স’তে ব্ৰেণ্ড এম্বেছেডৰ হিচাপে জড়িত হোৱাৰ চিন স্বৰূপে জুবিন গাৰ্গে তেওঁৰ এটি নতুন গীতৰ ভিডিও মুকলি কৰে য’ত অসমৰ বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতি আৰু ঐতিহ্যৰ বিভিন্ন উপাদান পৰিবেশিত হৈছে৷বন্ধন বেংকৰ উদ্যোগত এই গীতটোৰ লগতে নতুন ভিডিঅ’ প্ৰস্তুত কৰা হৈছে৷অসমৰ বেংকিং ক্ষেত্ৰত পৰিসৰ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে এই পদক্ষেপ হাতত লোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷৪৭১টা শাখাৰ যোগেদি ২০.৪৭ লাখ অসমীয়া গ্ৰাহকক সেৱা আগবঢ়াই আহিছে বন্ধন বেংকে৷প্ৰতিষ্ঠানটোৰ বিপণন শাখাৰ মুৰব্বী অপূৰ্ব চৰকাৰে কয় যে জুবিন গাৰ্গৰ পৰা পোৱা এই সহযোগিতাই অসমৰ গ্ৰাহক ৰাইজক নিশ্চিত ভাৱে বেংকটোৰ প্ৰতি আকৰ্ষিত কৰিব৷