২০২২ বৰ্ষৰ ৪জানুৱাৰী তাৰিখে বিশ্ব ব্ৰেইল দিৱস উপলক্ষে বিশ্বৰ জনপ্ৰিয় ব্ৰেণ্ড কে এফ চি ইণ্ডিয়াই ৰেষ্টুৰেণ্ট সমূহত ব্ৰেইল সুবিধাযুক্ত খাদ্যৰ তালিকা সংযোজন কৰে ৷
প্ৰথমতে দেশৰ অন্যতম চহৰ দিল্লী,কলিকতা,মুম্বাই আৰু বেংগালুৰুস্থিত ৰেষ্টুৰেণ্টসমূহত এই ম্যেনু মুকলি কৰে ৷ প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে অতি শীঘ্ৰেই দেশখনৰ কে এফ চিৰ ৫০০ৰো অধিক ৰে্ষ্টুৰেণ্টত এই ম্যেনু উপলব্ধ হ’ব ৷
দেশখনৰ দৃষ্টিহীন গ্ৰাহকসকলক এক নতুন অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানটোৱে এই পদক্ষেপ গ্ৰহণ কৰে ৷ প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলৰ সুবিধাৰ্থে নতুন বছৰত আন কেইবাটাও আঁচনি গ্ৰহণ কৰিছে বুলি শেহতীয়াভাৱে জানিব পৰা গৈছে ৷