পশ্চিমবংগৰ ৰাজধানী কলকাতা ভাৰতৰ আটাইতকৈ সুলভ চহৰবোৰৰ ভিতৰত এখন হিচাপে পৰিগণিত হৈছে। সমান মাহিলী কিস্তি (ইএমআই)-উপাৰ্জন অনুপাতৰ সৈতে সম্পৰ্কিত, বৰ্তমান কলকাতাৰ গৃহ ক্ৰেতাসকলে পৰিয়ালৰ উপাৰ্জনৰ ২৭শতাংশ গৃহ ঋণত ব্যয় কৰিব লাগিব। যোৱা বছৰ, কলকাতা চেন্নাইৰ সৈতে ২৫ শতাংশ সামৰ্থ্য সূচকৰ সৈতে সমপৰ্যায়ত আছিল।ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ৰেপো ৰেট (ভাৰতীয় কেন্দ্ৰীয় বেঙ্কৰ দ্বাৰা বাণিজ্যিক বেংকবোৰক ধন ধাৰ দিয়া হাৰ) ৯০ বেছিছ পইণ্ট বৃদ্ধি হোৱা স্বত্বেও দেশৰ অন্যতম চহৰ আহমেদাবাদ , চেন্নাই আৰু পুনে এতিয়াও অধিক সুলভ।
অৱশ্যে শেহতীয়াকৈ কলকাতাত নিৰ্মাণ ব্যয় বৃদ্ধি পাইছে। ইয়াৰ ফলত চহৰখনৰ বিকাশকাৰী সকলে চহৰখনত কমেও ১০ শতাংশ মূল্য বৃদ্ধি কৰিছে। কিন্তু তথাপিও দেশৰ ভিতৰতে চহৰখন আটাইতকৈ সুলভ চহৰবোৰৰ ভিতৰত এখন হৈ আছে।
অৱশ্যে প্ৰতিটো পৰিয়ালৰ সামৰ্থ্য সূচক ইএমআই আৰু উপাৰ্জন অনুপাতৰ ক্ষেত্ৰত কলকাতাৰ বাবে অলপ ৰোলাৰ কোষ্টাৰ ৰাইড হৈছে – কিয়নো ২০১০ চনত ই ৪৫ শতাংশ আছিল, ২০১৯ চনত ৩১ শতাংশলৈ হ্ৰাস পাইছিল। তাৰ পিছত ২০২০ চনত কোভিড-১৯ মহামাৰীৰ ফলত ৩০ শতাংশলৈ উন্নীত হয় আৰু ২০২১ চনত পুনৰ ২৫ শতাংশলৈ হ্ৰাস পায় ।
আনহাতে চলচ্চিত্ৰ নগৰী মুম্বাই এতিয়াও ৫৬ শতাংশ সামৰ্থ্য সূচকৰ সৈতে আটাইতকৈ ব্যয়বহুল চহৰ হোৱাৰ শিৰোনামত আছে। এই চহৰৰ আৱাসিক বজাৰৰ গ্ৰাফলৈ লক্ষ্য কৰিলে, ২০১০ চনত মুম্বাইৰ বাবে গৃহ ক্ৰয় সামৰ্থ্য সূচক আছিল ৯৩ শতাংশ যি ২০১৯ চনত ৬৬ শতাংশলৈ উন্নীত হৈছিল। মহামাৰী আৰম্ভ হোৱাৰ লগে লগে, ই পুনৰ ২০২০ চনত ৬৬ শতাংশ আৰু ২০২১ চনত ৫৩ শতাংশ হয়।
৩১ শতাংশৰ সৈতে ইয়াৰ পিছত আছে হায়দৰাবাদৰ নিজাম চহৰ । হায়দৰাবাদৰ ক্ষেত্ৰতো, ২০১০ চনত ৪৭ শতাংশৰ পৰা ২০১৯ চনত ৩৩ শতাংশলৈ আৰু শেষত এতিয়া ৩১ শতাংশলৈ উন্নীত হৈছে। সেয়েহে এই চহৰখন ভাৰতৰ দ্বিতীয় ব্যয়বহুল স্থান।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীও অৱশ্যে এই ক্ষেত্ৰত বেছি পিছ পৰি থকা নাই ৷ ৩০ শতাংশৰ সৈতে তৃতীয় স্থানত আছে ৰাজধানী চহৰ দিল্লী। ২০১০ চনত ৫৩ শতাংশ সামৰ্থ্য সূচকৰ পৰা ২০১৯ চনত ই ৩৪ শতাংশ হৈছিল। আনহাতে ভাৰতৰ চিলিকন ভেলী, বেংগালুৰু কেৱল সামান্য ব্যৱধানত পিছ পৰি আছে আৰু সামৰ্থ্য সূচকত ২৯ শতাংশৰ সৈতে চতুৰ্থ স্থানত আছে।
যদিও এইকেইখন আটাইতকৈ ব্যয়বহুল চহৰ তাৰ বিপৰীতে স্থিৰতা বজাই ৰাখি ২২ শতাংশ সামৰ্থ্য সূচকৰ সৈতে আহমেদাবাদ হৈছে আটাইতকৈ সুলভ চহৰ ৷