ঠিক এবছৰৰ আগতে ২০২২ চনৰ মে’ মাহত আই পি অ’ৰ পিছত ভাৰতীয় জীৱন বীমা নিগম(এল আই চি)ৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছিল ৷ এক প্ৰতিবেদন অনুসৰি শ্বেয়াৰ বজাৰত চৰকাৰী বীমা কোম্পানীটোৱে ৪০ শতাংশতকৈ অধিক মূলধন হেৰুৱাইছে। এই বিষয়টোক লৈ বুধবাৰে কংগ্ৰেছে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু বিজেপিক লক্ষ্য কৰি লয়। লগতে উথাপন কৰে আদানিৰ নাম ৷
প্ৰসংগক্ৰমে যোৱা বছৰৰ মে’ মাহৰ আৰম্ভণিতে এল আই চিৰ আই পি অ’ ৯৪৯ টকাত বিক্ৰী হৈছিল। কিন্তু ১৭ মে’ত বজাৰলৈ অহাৰ পিছত শ্বেয়াৰৰ মূল্য ৮৬৭ টকালৈ হ্ৰাস পায়। চলিত বৰ্ষৰ আৰম্ভণিতে হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত উদ্যোগপতি গৌতম আদানীৰ প্ৰতিষ্ঠানটোৱে শ্বেয়াৰ বজাৰত বক্ৰ পথ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত এল আই চিৰ শ্বেয়াৰ আৰু অধিক হ্ৰাস পাইছিল। অভিযোগ উত্থাপন হৈছিল যে চৰকাৰী কোম্পানীটোৱে এই জালিয়াতিৰ ‘খবৰ’ পোৱাৰ পিছতো আদানীৰ কোম্পানীত বিনিয়োগ বৃদ্ধি কৰিছিল।
সেই সময়ত এল আই চি কৰ্তৃপক্ষই পৰিস্থিতি চম্ভালিবলৈ ৰাজহুৱা বিবৃতি দিছিল। ইয়াত কোৱা হৈছিল এইদৰে-, “২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁলোকৰ মুঠ সম্পত্তিৰ মূল্য ৪১ লাখ ৬৬ হাজাৰ কোটি টকা। আৰু ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে মুঠতে এল আই চিয়ে ক্ৰয় কৰা শ্বেয়াৰৰ মূল্য ৩৫ হাজাৰ কোটি টকাতকৈ অলপ বেছি। অৰ্থাৎ সংস্থাটোৰ মুঠ সম্পত্তিৰ ১ শতাংশও নহয়। সেয়েহে যুক্তিৰ স্বাৰ্থত আদানী গ্ৰুপ দেউলীয়া হোৱাৰ সম্ভাৱনা মানি ল’লেও এল আই চিৰ বাবে ‘ব্যাপক লোকচান’ হোৱাৰ কোনো সম্ভাৱনা নাই।“ এল আই চি কৰ্তৃপক্ষই বিভিন্ন প্ৰতিবেদনক ‘অসত্য’ বুলিও অভিহিত কৰিছে যে আদানিৰ হাতত এল আই চিৰ ব্যৱসায় আৰু বিনিয়োগ সম্পৰ্কীয় বিশদ তথ্য আছে।
কিন্তু শ্বেয়াৰ বজাৰত এল আই চিৰ উত্থান নহ’ল ৷বুধবাৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বছৰৰ শেষৰ পূৰ্বে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস পোৱাৰ বাবে কেন্দ্ৰক জগৰীয়া কৰে। তেওঁ কয়, ‘মাত্ৰ এবছৰৰ আগতে শ্বেয়াৰ বজাৰত পঞ্জীয়নৰ সময়ত এল আই চিৰ মূলধন আছিল ৫ লাখ ৪৮ হাজাৰ কোটি টকা। আজি ই ৩.৫৯ লাখ কোটি টকালৈ নামি আহিছে।” প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমেশে আদানী গ্ৰুপত বিনিয়োগৰ বাবে লোকচানৰ বাবে দোষাৰোপ কৰে। তেওঁৰ মন্তব্য, “শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ পিছত এল আই চিৰ লোকচান হৈছে ১ লাখ ৯০ হাজাৰ কোটি টকা।” লাখ লাখ বীমা গ্ৰাহক ক্ষতিগ্ৰস্ত হৈছে। “