বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে এক চৰ্চিত নাম এলন মাস্ক ৷ যি বিশ্বৰ ধনী ব্যক্তি হিচাপেও বিখ্যাত ৷ শেহতীয়াকৈ সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰৰ মালিকীস্বত্ব গ্ৰহণ কৰা টেছলাৰ স্বত্বাধিকাৰী এলন মাস্ক এইবাৰ পুনৰ এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কিয়নো ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইনডেক্সৰ তথ্য অনুসৰি ২০০বিলিয়ন ডলাৰ সম্পদ হেৰুওৱা বিশ্বৰ প্ৰথম গৰাকী ব্যক্তি হৈছে এলন মাস্ক ৷
২০২১ বৰ্ষৰ জানুৱাৰীত তেওঁৰ সম্পদৰ পৰিমাণ ২০০বিলিয়ন ডলাৰতকৈ অধিক আছিল বাবেই তেওঁ জেফ বেজ’ছক অতিক্ৰম কৰি বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছিল এলন মাস্ক ৷ আনহাতে বিগত বছৰটোত তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছিলগৈ ৩০০বিলিয়ন ডলাৰতকৈও অধিক ৷ কিন্তু টেছলাৰ শ্বেয়াৰৰ মূল্য হ্ৰাস হোৱাৰ উপৰিও টুইটাৰ অধিগ্ৰহণৰ ফলত তেওঁৰ সম্পদৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পায় ৷ তেওঁৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হৈছে ১৩৭বিলিয়ন ডলাৰ ৷
উল্লেখযোগ্য যে বৰ্তমান এলন মাস্কক নেওচি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে এল ভি এম এইচ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক বাৰ্নাৰ্ড আৰ্নল্ট ৷