বাহন নির্মাতা প্ৰতিষ্ঠান মাৰুতিয়ে মুকলি কৰিলে ৫ খন দুৱাৰযুক্ত জিমনি এছ ইউ ভি ৷ ইয়াৰ প্ৰাৰম্ভিক মূল্য ১২.৭৪ লাখ টকা ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে অটো এক্সপ’ত জিমনি প্ৰদৰ্শন কৰা হৈছিল।বুধবাৰে মাৰুতিয়ে বহু প্ৰত্যাশিত এছ ইউ ভি জিমনিৰ মূল্য প্ৰকাশ কৰে। এই গাড়ীখন ছটা ভেৰিয়েন্টত আহিব আৰু বেছ মডেলৰ মূল্য ১২.৭৪ লাখ (এক্স-শ্ব’ৰুম)টকাৰ পৰা আৰম্ভ হ’ব। জিমনিৰ টপ-এণ্ড আলফা এ টি (ডুৱেল টোন)ৰ মূল্য হ’ব ১৫.০৫ লাখ (এক্স-শ্ব’ৰুম)। মাৰুতীয়ে আশা কৰিছে যে ইয়াৰ নতুন বাহনৰ জৰিয়তে স্পর্টচ বাহনৰ ক্ষেত্ৰখনত শক্তিশালীভাৱে নিজকে স্থাপন কৰিব পাৰিব ৷
কোম্পানীটোৱে আশা কৰিছে যে ব্ৰেজা, আৰু গ্ৰেণ্ড ভিটাৰাৰ দৰে অন্যান্য মডেলৰ সৈতে এছ ইউ ভি ছেগমেণ্টত শীৰ্ষ স্থান দখল কৰিবলৈ ই সক্ষম হ’ব ৷ জিমনিত ১.৫ লিটাৰ পেট্ৰল ইঞ্জিন আছে ৷
চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে অটো এক্সপ’ত এই গাড়ীখন প্ৰদৰ্শন কৰা হৈছিল। গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কেইসপ্তাহমান পূৰ্বে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাৰুতি চুজুকি ইণ্ডিয়াৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া (বিক্ৰী আৰু বিপণন) শশাংক শ্ৰীবাস্তৱে কয় যে জিমনিয়ে অটো নিৰ্মাতা কোম্পানীটোৰ সামগ্ৰিক ব্ৰেণ্ড মূল্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব।
পাঁচ দুৱাৰযুক্ত গাড়ীখন নিৰ্মাণৰ বাবে মাৰুতিয়ে ৯৬০ কোটি টকা বিনিয়োগ কৰিছে। চুজুকিয়ে বিশ্বজুৰি ৩২ লাখতকৈ অধিক ইউনিট জিমনি বিক্ৰী কৰিছে, ১৯৯খন দেশত ৷
বিশ্বজুৰি অটো নিৰ্মাতা কোম্পানীৱে তিনিখন দুৱাৰৰ কনফিগাৰেচনৰ সৈতে মডেলটো বিক্ৰী কৰে। প্ৰথমবাৰৰ বাবে পাঁচ দুৱাৰযুক্ত সংস্কৰণ মুকলি কৰা হৈছে