বিশ্ব বজাৰত যেতিয়া সোণ-ৰূপৰ মূল্য বৃদ্ধি পায়, তেতিয়া ইয়াৰ প্ৰভাৱ পৰে দেশৰ বজাৰতো। পুনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে ভাৰতত সোণৰ মূল্যই এক নজিৰ গঢ়ি তোলে । কলকাতাৰ বজাৰত প্ৰথমবাৰৰ বাবে ১০ গ্ৰাম খুচুৰা সোণৰ (২৪ কেৰেট) মূল্যই ৬১ হাজাৰ টকালৈ বৃদ্ধি পাইছে ৷ মাত্ৰ এদিনতে হোৱা মূল্যবৃদ্ধিৰ বাবে সোণ জিএছটিসহ ৬৩,২৯৩.৫০ টকা (বজাৰৰ ওপৰত নিৰ্ভৰ কৰি কম বেছি পৰিমাণে হ’ব পাৰে) হ’ব । দিল্লীতো ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৬১,০৮০ টকালৈ বৃদ্ধি পাইছে ৷
ছেভ দ্য গোল্ড ইণ্ডাষ্ট্ৰী কমিটীৰ কাৰ্যবাহী সভাপতি সমৰ দেয়ে কয়, ‘বেংকিং খণ্ডকে ধৰি আমেৰিকাৰ অৰ্থনীতিৰ বিভিন্ন সমস্যাৰ বাবে বৈদেশিক মুদ্ৰাৰ বজাৰখনে ভাৰসাম্য হেৰুৱাই পেলাইছে। ডলাৰত বিনিয়োগ হ্ৰাস পাইছে। বহু বিনিয়োগকাৰীয়ে সেই মূলধন সোণত বিনিয়োগ কৰিছে ৷ ইয়াৰ বাবে দাম বৃদ্ধি পাইছে । যোৱা দুদিনত বিশ্ব বজাৰত ইয়াৰ মূল্য প্ৰতি আউন্সত ৩৮ ডলাৰ বৃদ্ধি পাইছে। মই ভাবো সোণৰ মূল্য অধিক বৃদ্ধি হ’ব ৷” ইয়াৰ ফলত সোণৰ বজাৰত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে ৷