ওলা ইলেক্ট্ৰিকে অহা ১৫ আগষ্টত ভাৰতত ইয়াৰ প্ৰথম বৈদ্যুতিক চাৰিচকীয়া বাহনখন মুকলি কৰিব বুলি আশা কৰা হৈছে । প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালে টুইটাৰৰ জৰিয়তে দেশৰ ৭৫ তম স্বাধীনতা দিৱসত এক নতুন সামগ্ৰী মুকলি কৰা হ’ব বুলি জনাইছিল । যদিও তেওঁ সামগ্ৰীবিধৰ নাম প্ৰকাশ কৰা নাছিল তথাপি কোম্পানীটোৱে ১৫ আগষ্টত দেশত ইয়াৰ প্ৰথমখন বৈদ্যুতিক গাড়ী উন্মোচন কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিয়নো আজি কিছুদিন ধৰি ওলা ইলেক্ট্ৰিকে ইয়াৰ চাৰিচকীয়া বৈদ্যুতিক বাহনখনৰ প্ৰচাৰ চলাই আহিছে ।
উন্মোচনী অনুষ্ঠানটোত, কোম্পানীটোৱে ইয়াৰ এক বৃহৎ ভৱিষ্যৎ পৰিকল্পনাৰ কথাও ঘোষণা কৰিব। সামাজিক মাধ্যম টুইটাৰত এটা টুইটযোগে ভৱিষ আগৰৱালে কয় যে অনুষ্ঠানটো অনলাইনত লাইভষ্ট্ৰীম কৰা হ’ব আৰু সম্প্ৰচাৰ চাবলৈ সময় আৰু লিংক সোনকালেই ৰাইজলৈ আগবঢ়োৱা হ’ব।
ওলাৰ এই প্ৰথম বৈদ্যুতিক গাড়ীখন ‘এতিয়ালৈকে আটাইতকৈ স্পোৰ্টিষ্ট কাৰ’ আৰু দীঘল বেটাৰী ছেটৰ সৈতে চাৰিখন -দুৱাৰৰ চেডান বুলি যথেষ্ট প্ৰচাৰ লাভ কৰিছে।
খবৰ অনুসৰি ওলা ইলেক্ট্ৰিকে ইয়াৰ ইভি চাৰিচকীয়া কাৰখনৰ বাবে ১,০০০একৰ ভূমি অধিগ্ৰহণ কৰিব বিচাৰিছে। এইটো ইয়াৰ বৰ্তমানৰ ফিউচাৰ ফেক্টৰীৰ প্ৰায় দুগুণ য’ত ই এছ ১ প্ৰ’ বৈদ্যুতিক স্কুটাৰ নিৰ্মাণ কৰে। কোম্পানীটোৱে বৰ্তমান ভাৰতত দুইধৰণৰ বৈদ্যুতিক স্কুটাৰ বিক্ৰী কৰিছে ৷ সেইকেইখন হ’ল ওলা এছ১ আৰু ওলা এছ১ প্ৰো।