ধাৰাবাহিক ভাৱে বৃদ্ধি পাই থকাৰ ফলত বিশ্ব বজাৰত ১০০ডলাৰৰ ওপৰত আছে অপৰিশোধিত তেলৰ মূল্য ৷ বিগত ২৪ঘণ্টাত পুনৰ বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য ৷প্ৰতি বেৰেল তেলৰ মূল্য হৈছেগৈ প্ৰায় ১০৫ডলাৰ ৷ আজি পুৱা প্ৰতি বেৰেল অপৰিশোধিত তেলৰ মূল্য হৈছেগৈ ১০৪.৭ডলাৰ ৷
অৱশ্যে প্ৰতি বেৰেল অপৰিশোধিত তেলৰ মূল্য বৃদ্ধি পাইছে যদিও এই পৰ্যন্ত চৰকাৰী তেল বিপণন কোম্পানী সমূহে পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্যৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে আজি পুৱা জাৰি কৰা পেট্ৰ’ল-ডিজেলৰ খুচুৰা দামৰ তালিকাৰ পৰা এই কথা নিশ্চিত হৈছে যে চৰাকাৰী তেল কোম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ খুচুৰা দামৰ কোনো সালসলনি ঘটোৱা নাই ৷ দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অপৰিৱৰ্তিত ৰূপত বৰ্তমান প্ৰতিলিটাৰ খাৰুৱা তেলৰ মূল্য ৯৬.৭২টকা হৈ আছে ৷