অসম বাসীলৈ এক সুখবৰ ৷ গুৱাহাটীৰ মাল্টি কুইজিং ৰাষ্টুৰেণ্ট বাৰ পিয়াজ্জাই শেহতীয়াকৈ গুৰুগ্ৰামৰ দা লীলা এম্বিয়েনছত অনুষ্ঠিত হৈ যোৱা প্ৰথম ইটি হস্পিটেলিটি ৱৰ্ল্ড ৰেষ্টুৰেণ্টছএণ্ড নাইট লাইফ এৱাৰ্ডছ অনুষ্ঠানত শ্ৰেষ্ঠ ষ্টেণ্ড এলন ৰেষ্টুৰেণ্ট অব্ দা ইয়েৰ ২০২২-ইষ্ট বঁটা লাভ কৰে ৷
উল্লেখনীয় যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ইটি হস্পিটেলিটিয়ে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট আৰু বাৰ সমূহলৈ এক স্বীকৃতি আগবঢ়াইছে ৷ গুৱাহাটীৰ মাল্টি কুইজিং ৰেষ্টুৰেণ্ট বাৰ পিয়াজ্জাৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী বিনয় ছামাৰিয়াই এই বঁটা অসমৰ জনসাধাৰণলৈ উৎসৰ্গা কৰি কয় যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ মেট্ৰ’ চহৰসমূহৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট সমূহৰ সৈতে হোৱা প্ৰতিযোগিতাত বিজয়ী হ’ব বুলি তেওঁ কেতিয়াও ভবা নাছিল ৷ তেওঁলোকৰ বাবে এই স্বীকৃতি অসাধাৰণ ৷
আনহাতে ২০২৩চনত গোৱাত পিয়াজ্জাৰ দ্বিতীয়টো আউটলেট মুকলিৰ পৰিকল্পনা কৰাৰ কথাও ঘোষণা কৰে মাল্টি কুইজিং ৰেষ্টুৰেণ্ট বাৰ খনৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী গৰাকীয়ে ৷