বিগত কেইমাহমানৰ পৰা পাকিস্তানৰ বিত্তীয় অৱস্থা ভয়াৱহ সংকটৰ দিশে গতি কৰিছে ৷ শেহতীয়াকৈ চৰকাৰী ৰাজহুৱা বিতৰণ কেন্দ্ৰত আটা বিতৰণৰ সময়ত পদপিষ্ট হৈ পাঁচজন লোকৰ মৃত্যুৰ খবৰেও আৰ্থিক সংকটৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে ৷এইবাৰ চৰকাৰী পৰিসংখ্যাইও একে পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিছে। যোৱা মাৰ্চ মাহত পাকিস্তানত বাৰ্ষিক মুদ্ৰাস্ফীতিৰ হাৰ ৩৫.৩৭ শতাংশত উপনীত হৈছিল। যিটো যোৱা পাঁচ দশকত সৰ্বাধিক। যোৱা মাহৰ তুলনাত মূল্যবৃদ্ধিৰ হাৰ ৩.৭২ শতাংশ। বিগত বছৰৰ একে সময়ছোৱাৰ তুলনাত গড়ে ২৭.২৬ শতাংশ বেছি ।
দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দামত ইয়াৰ প্ৰতিফলন দেখা গৈছে। আটা, চেনি, খোৱা তেলৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ফলত আটাইতকৈ বেয়া পৰিস্থিতি হৈছে কম আয়ৰ লোকসকলৰ। পৰিস্থিতি ইমানেই দুখজনক যে ৰমজান মাহত খাদ্য বিতৰণ কেন্দ্ৰত খাদ্যৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
যদিও চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যেনে সুতৰ হাৰ বৃদ্ধি, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস, তথাপিও ইয়াৰ প্ৰভাৱ অতি সীমিত হিচাপে বিবেচিত হৈছে ।
যোৱা কেইমাহমানত পাকিস্তানত বিদেশী মুদ্ৰাৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাইছে। এই পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)-এ তেওঁলোকৰ সহায়ৰ সকলো দাবী মানি লৈছিল। বিত্তীয় নীতিৰ প্ৰভাৱত প্ৰায় ২০ হাজাৰ নাগৰিকে চাকৰি হেৰুৱাব বুলি আশংকা কৰা হৈছে । কাৰণ, ইতিমধ্যে ৩০টা মোবাইল ফোন কম্পোনেণ্ট নিৰ্মাণ কোম্পানীয়ে কাৰখানা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।
কোম্পানীকেইটাৰ মতে, চৰকাৰীভাৱে যন্ত্ৰাংশ আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে কাৰখানাটো বন্ধ কৰিবলৈ বাধ্য হৈছে। বহু কোম্পানীয়ে এপ্ৰিল মাহৰ বাবে শ্ৰমিকক আধা দৰমহা দি কাম বন্ধ কৰি দিছে। কাৰখানাটো মুকলি হ’লেই শ্ৰমিকসকলে পুনৰ কামত যোগদান কৰিব পাৰিব বুলি জানিব পৰা গৈছে। কিন্তু কাৰখানাটো কেতিয়া খোলা হ’ব তাৰ উত্তৰ কাৰো হাতত নাই।মোবাইল ফোন নিৰ্মাতাসকলে দাবী কৰে যে যদি তেওঁলোকে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰে তেন্তে প্ৰতিমাহে ১৭ কোটি ডলাৰৰ যন্ত্ৰাংশ আমদানি কৰিব লাগিব। দেশত বিদেশী মুদ্ৰাৰ ভণ্ডাৰ বৃদ্ধিৰ বাবে চৰকাৰে আমদানি আৰু ডলাৰৰ ব্যৱহাৰৰ ওপৰত বাধা আৰোপ কৰিছে । তাৰ বাবেই কাৰখানাটো আপাততঃ বন্ধ হৈ আছে।