প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰিব ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বুলিয়ন এক্সচেঞ্জ ৷ প্ৰথমবাৰৰ বাবে গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিত্তীয় টেক-চিটি(জি আই এফ টি চিটি)ত মুকলি কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় বুলিয়ন এক্সচেঞ্জ (আইআইবিএক্স) লগতে মুকলি কৰা হ’ব আন কেইবাটাও প্ৰকল্প ।
আই.আই.বি.এক্স. হৈছে গান্ধীনগৰৰ গিফ্ট চিটিত স্থাপিত ভাৰতৰ প্ৰথমটো আন্তৰ্জাতিক বুলিয়ন এক্সচেঞ্জ। ই একেটা ব্যয়ত সামগ্ৰী আৰু প্ৰযুক্তি সেৱাৰ এক বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ’ প্ৰদান কৰিব যি ভাৰতীয় এক্সচেঞ্জৰ লগতে হংকং ছিংগাপুৰ, ডুবাই, লণ্ডন আৰু নিউয়ৰ্কৰ অন্যান্য এক্সচেঞ্জ সমূহকো সমানে ফেৰ মাৰিব ।
ইণ্ডিয়া ইণ্টাৰনেচনেল বুলিয়ন এক্সচেঞ্জ আইএফএছচি লিমিটেড (আইআইবিএক্স)ক পাঁচটা বজাৰ প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ দ্বাৰা প্ৰচাৰ কৰা হ’ব ৷ সেইবোৰ হৈছে চিডিএছএল, ইণ্ডিয়া আইএনএক্স, এনএছডিএল, এনএছই আৰু এমচিএক্স।
আইএফএছচি কৰ্তৃপক্ষৰ এক বিবৃতিত কোৱা হৈছে যে এই বিনিময়ে ভাৰতত সোণৰ বিত্তীয়কৰণত এক গতিশীলতা প্ৰদান কৰাৰ উপৰিও উৎস আৰু মানদণ্ডৰ আশ্বাসৰ সৈতে সঠিক মূল্যাংকণ কৰাৰ ক্ষত্ৰতো সুবিধা প্ৰদান কৰিব, ।
আনহাতে আইআইবিএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইও) অশোক গৌতমে এই সপ্তাহত এক সাক্ষাৎকাৰত কয় যে গোলকীয় সোণ বিনিময়ৰ লক্ষ্য হৈছে এটা আঞ্চলিক বুলিয়ন কেন্দ্ৰ সৃষ্টি কৰা যিয়ে গহনা নিৰ্মাতাসকলক মূল্যৱান ধাতু আমদানি কৰিবলৈ অনুমতি দিব। ইণ্ডিয়া ইণ্টাৰনেচনেল বুলিয়ন এক্সচেঞ্জে ডিলাৰ, শোধনাগাৰ আৰু বিদেশী বেংকসমূহকো আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।
অলংকাৰৰ উপৰিও, অইচিডি নিৰ্দেশনা অনুসৰণ কৰা বিদেশী বুলিয়ন সৰবৰাহকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠান, বিদেশী লোক (এনআৰআই) আই.আই.বি.এক্স.-ৰ সদস্য হ’ব পাৰিব ।
আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ (আই.এফ.এছ.চি.এ.) হৈছে আই.আই.বি.এক্স.-ৰ নিয়ন্ত্ৰক। ২০২০-২১ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আইএফএছচিএত আইআইবিএক্স স্থাপনৰ কথা ঘোষণা কৰিছিল।