ৱাডিয়া গ্ৰুপৰ কম খৰচী কেৰিয়াৰ গ’-ফাষ্টে ধনৰ অভাৱত ৫০ শতাংশ বিমানৰ উৰণ বন্ধ কৰি দিছে ৷কোম্পানীটোক বচাবলৈ তেওঁলোকে দেউলীয়া আইনত আবেদন কৰিছিল। এইবাৰ কম খৰচী কেৰিয়াৰ স্পাইচজেটে ঘোষণা কৰে যে কেন্দ্ৰৰ জৰুৰীকালীন পুঁজি ব্যৱহাৰ কৰি ২৫খন গ্ৰাউণ্ডেড বিমান ঘূৰাই আনিব।
স্পাইচজেটে কয় যে তেওঁলোকে ইতিমধ্যে ৪০০ কোটি টকা সংগ্ৰহ কৰিছে। পুনৰ ২৫খন বিমান উৰুৱাবলৈ অধিক ধনৰ প্ৰয়োজন। ইয়াৰ বাবে কেন্দ্ৰৰ ‘জৰুৰীকালীন ঋণ লাইন নিশ্চয়তা আঁচনি’ (ইচিএলজিএছ)ৰ পৰা ধন সংগ্ৰহ কৰা হ’ব। দৰাচলতে মহামাৰী আৰু ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰৰ এই জৰুৰীকালীন পুঁজি সৃষ্টি কৰা হৈছে। স্পাইচজেটে কয় যে সেই পুঁজিৰ পৰা সহায় লোৱা হৈছে। কোম্পানীটোৰ পৰিচালন সঞ্চালক অজয় সিঙে এক বিবৃতিত কয় , ‘আমি অতি সোনকালে গ্ৰাউণ্ডেড বিমানৰ পুনৰ সেৱা আৰম্ভ কৰাৰ চেষ্টা কৰিছো। ইচিএলজিএছৰ পৰা পোৱা পুঁজিৰ পৰা সেই মূলধন ব্যৱহাৰ কৰিম। ইয়াৰ দ্বাৰা উপকৃত হ’ম বুলি আশাবাদী ৷ “
দৰাচলতে যোৱা ফেব্ৰুৱাৰী মাহত স্পাইচজেটে কৈছিল যে ত্ৰিমাসিক লোকচান আৰু নগদ ধনৰ অভাৱৰ বাবে মূলধন সংগ্ৰহৰ বিকল্পৰ বিষয়ে চিন্তা কৰি আছে। কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে।
কোম্পানীটোক বচাবলৈ গ’-ফাষ্টে দেউলীয়া হোৱাৰ আশংকা পুনৰ আৰম্ভ হৈছে । স্পাইচজেটৰ সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য চিন্দিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট বিমান সংস্থাসমূহক যিমান পাৰি সহায় কৰিব। এই বিষয়ে সংশ্লিষ্ট সংস্থাসমূহৰ অংশীদাৰসকলৰ সৈতেও আলোচনা কৰা হৈছে।।