মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰলাণ্ডৰ ওৱাল্ট ডিজনি ৱৰ্ল্ড এ নিৰ্মাণ কৰি উলিয়াইছে এখন মহাকাশ ৰেষ্টুৰেণ্ট । য’ত মানুহে মহাকাশত গৈ সুস্বাদু আহাৰৰ লগতে পৃথিৱীৰ সৌন্দর্য উপভোগ কৰিব পাৰিব । সম্পূর্ণ কাচেৰে নিৰ্মাণ কৰা এই ৰেষ্টুৰেণ্টখনৰ পৰা মানুহে দৰ্শন কৰিব পাৰিব পৃথিৱীৰ অনন্য ৰূপ ।
দূৰৈৰ পৰা পৃথিৱীক চোৱাৰ এক বিৰল অভিজ্ঞতা । মহাকাশৰ পৰা পৃথিৱী চাবলৈ কেনেকুৱা লাগিব , ভাবিয়েই ভাল লগা কথা ! এই যে মেঘ নাইবা বিশাল পানীৰ নীলা আৱৰণ, আচলতে মহাকাশৰ পৰা পৃথিৱীখন চাবলৈ কেনেকুৱা লাগিব , সেই অভিজ্ঞতা কেৱল মহাকাশচাৰীৰহে হৈছে । এতিয়া সাধাৰণ জনতাইও প্ৰত্যক্ষ কৰিব পাৰিব ।
বিশেষকৈ সুস্বাদু আহাৰৰ লগতে মহাকাশৰ পৰা পৃথিৱীৰ অপৰূপ সৌন্দর্য । এতিয়া সকলোৰে সপোন বাস্তৱ হ’বলৈ গৈ আছে । কাৰণ এতিয়া মহাকাশত থকা স্পেচ ষ্টেচনত উপলব্ধ হ’ব এই সুবিধা । যিহেতু গৱেষণাৰ বাবে মহাকাশচাৰীসকলে এই স্পেচ চেণ্টাৰতে থাকি গৱেষণা কৰে ।
তেওঁলোকে স্পেচ চেণ্টাৰতে পৃথিৱীৰ হৈ কাম কৰে ; অন্য গ্ৰহৰ সন্ধানত । থকা খোৱাৰ ব্যৱস্থাৰ পৰা ঘৰসদৃশ কোঠা, দৰজা, চিলিং, লিফ্ট ইত্যাদি, আনকি ফুৰিব পৰাকৈ বৃহৎ খালী ঠায়ো এই স্পেচ চেণ্টাৰত উপলব্ধ থাকিব। এইধৰণৰ চিন্তাৰে মহাকাশত নিৰ্মাণ কৰিছে স্পেচ ৰেষ্টুৰেণ্টখন ।