১৮ মাহৰ মৰগীয়া বানছৰ বকেয়া সন্দৰ্ভত কেন্দ্ৰীয় কৰ্মচাৰীক ডাঙৰ আঘাত দিছে শাসনাধিস্থিত চৰকাৰে। ৰাজ্যসভাত বিত্ত মন্ত্ৰালয়ে দিয়া তথ্যই কৰ্মচাৰীসকলৰ সকলো আশা-আকাংক্ষাতে যেন পানী পেলাইছে।
আনহাতে তিনি কিস্তিৰ ধন দিয়া নহ’ব বুলিও ইতিমধ্যে স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। ইফালে বিত্ত মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ১৮ মাহৰ বাবে মৰগীয়া বানছ দিয়াৰ আৰু সময় নাই।
‘সমাচাৰ নামা ‘ নামৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দৰাচলতে কোভিড-১৯ৰ সময়ছোৱাত মৰগীয়া বানছৰ তিনিটা কিস্তি (১ জানুৱাৰী ২০২০, ১ জুলাই ২০২০, ১ জানুৱাৰী ২০২১) বন্ধ কৰা হৈছিল। কিন্তু, যোৱা ১৮ মাহ ধৰি আবদ্ধ হৈ থকা তিনিটা কিস্তিৰ কোনো উল্লেখ কৰা হোৱা নাছিল।এই সন্দৰ্ভত কৰ্মচাৰী সংঘই কয় যে ডি.এ. আৰু ডি.আৰ. কৰ্মচাৰী আৰু পেঞ্চনাৰৰ অধিকাৰ। ইয়াক বন্ধ কৰিব নোৱাৰি। কৰ’ণা কালত কর্মচাৰীসকলে কঠোৰ পৰিশ্ৰম কৰিছিল। যদিও তেওঁলোকৰ মৰগীয়া বানছ বৃদ্ধি নহ’ল, তথাপিও তেওঁলোকে কাম কৰি থাকিল। এই সময়ছোৱাত বহু কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৃত্যু হয়। গতিকে চৰকাৰে এই বিষয়ত অন্যান্য দিশতো বিবেচনা কৰা উচিত। কিন্তু চৰকাৰে এই কথা স্পষ্টকৈ অস্বীকাৰ কৰাৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে সংগঠনসমূহ৷
উল্লেখযোগ্য যে যি সময়ছোৱাত মৰগীয়া বানছ বন্ধ কৰি দিয়া হৈছিল, সেই সময়ছোৱাত চৰকাৰে ৩৪ হাজাৰ কোটি টকা ৰাহি কৰিছে। অনুমান কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ ডি আৰ আৰু কৰ্মচাৰীৰ ডি.এ.ৰ মুঠ বকেয়া আছিল প্ৰায় ৩৪ হাজাৰ কোটি টকা।
ইফালে পেঞ্চন নিয়ম পুনৰীক্ষণৰ বাবে স্বেচ্ছাসেৱী সংস্থাসমূহৰ স্থায়ী সমিতিৰ ৩২ সংখ্যক বৈঠকত ব্যয় বিভাগৰ এজন প্ৰতিনিধিয়ে এই কথা স্পষ্ট কৰি দিয়ে যে পূৰ্বৰ ডি এ-ডি আৰৰ বকেয়া ধন পৰিশোধ কৰা নহ’ব।