ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) পুনৰ এবাৰ মধ্যবিত্ত শ্ৰেণীক ঋণৰ বোজাৰ পৰা সকাহ দিলে ৷ ‘ৰেপ’ ৰেট’ (আৰ বি আইয়ে বাণিজ্যিক বেংকক হ্ৰস্বম্যাদী ঋণ দিয়া হাৰ) একেৰাহে সাতবাৰ অপৰিৱৰ্তিত ৰখা হ’ল ৷ অৰ্থাৎ পূৰ্বৰ দৰেই ৰেপো ৰেট ৬.৫ শতাংশ অব্যাহত থাকিব । ৰেপ’ ৰেট অপৰিৱৰ্তিত ৰখাৰ অৰ্থ হ’ল ঋণৰ সুতৰ হাৰো অপৰিৱৰ্তিত হৈ থাকিব ৷
শুকুৰবাৰে আৰ বি আইৰ গভর্ণৰ শক্তিকান্ত দাসে কয় যে মুদ্ৰানীতি সমিতিৰ দ্বি-মাহেকীয়া বৈঠকত সংখ্যাগৰিষ্ঠতাৰে এই সিদ্ধান্ত লোৱা হৈছে। ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কথা কোৱাৰ লগতে শক্তিকান্তই লগতে কয় যে দেশৰ মুদ্ৰাস্ফীতি লক্ষ্যৰ ওচৰ চাপিছে। যোৱা ৯ মাহত মূল মুদ্ৰাস্ফীতি ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু ইন্ধনৰ মূল্যও একেৰাহে ছমাহ ধৰি কম হৈ আছে।
তেওঁ কয় – “খাদ্যৰ মূল্যৰ অনিশ্চয়তাই প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। কিন্তু মুদ্ৰাস্ফীতিৰ উৰ্ধমুখী আশংকাৰ পৰা এমপিচি সতৰ্ক।” তেওঁ দাবী কৰে যে বৰ্তমান বিশ্ব অৰ্থনীতি সুস্থিৰ আৰু ২০২৪ চনত বিশ্ব বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।