বজাৰত বিভিন্ন আকৃতি আৰু পেকেটৰ বহু ধৰণৰ চিপ্চ উপলব্ধ যিবোৰৰ দাম ইয়াৰ পৰিমাণ অনুসৰিহে নিৰ্ধাৰণ কৰা হয়। কিন্তু বিশ্বৰ আটাইতকৈ দামী চিপ্ৰচ বিষয়ে আপুনি বাৰু জানেনে ?
আমেৰিকাৰ এখন ৰেষ্টুৰেণ্টে বিশ্বৰ আটাইতকৈ দামী চিপ্চক তেওঁলোকৰ মেন্যুত অন্তৰ্ভুক্ত কৰিছে। আমেৰিকাৰ ‘ৰাষ্ট্ৰীয় ফ্ৰেঞ্চ ফ্ৰাই দিৱস’ত ইয়াক মেন্যুত যোগ কৰা হৈছে। যাৰ এখন প্লেটৰ মূল্যই হয়তো আপোনাক আচৰিত কৰি তুলিব।
নিউয়ৰ্কত অৱস্থিত এই ৰেষ্টুৰেণ্টখনৰ নাম চেৰেণ্ডিপিটি৩ (Serendipity3)। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত এই ৰেষ্টুৰেণ্টখন চেম্পেইনত ডুবাই খোৱা শুকান আলুৰ চিপ্চৰ বাবে জনাজাত। য’ত চিপ্চৰ প্লেটখনত সোণৰ গুড়ি ছটিয়াই দিয়া হয়। অৱশ্যে ৰেষ্টুৰেণ্টখনে মাজতে ইয়াক মেন্যুৰ পৰা আঁতৰাই পেলাইছিল যদিও ১৩ জুলাইত আমেৰিকাত উদযাপিত ‘ৰাষ্ট্ৰীয় ফ্ৰেঞ্চ ফ্ৰাই দিৱস’ত ইয়াক পুনৰ সংযোজন কৰা হয়। ইয়াৰে এখন প্লেটৰ মূল্য ১৬৮ পাউণ্ড অৰ্থাৎ প্ৰায় ১৬ হাজাৰ টকা ।
এই দামী চিপ্চ প্লেটৰ দামৰ কথা ৰেষ্টুৰেণ্টখনে নিজেই প্ৰকাশ কৰাৰ লগতে জনাইছে যে কি মিহলি কৰা হয় এই চিপ্চবোৰত ? তেওঁলোকে জনোৱা মতে ইয়াক বহু মূল্যবান সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা হয়। শেহতীয়াকৈ ৰেষ্টুৰেণ্টখনে এই দামী খাদ্য সন্দৰ্ভত নিজৰ ইনষ্টাগ্ৰাম পেজত নিশ্চিত কৰিছে যে ‘ৰাষ্ট্ৰীয় ফ্ৰেঞ্চ ফ্ৰাই দিৱস’ৰ দিনা বিশ্বৰ আটাইতকৈ দামী ফ্ৰাইৰ মেন্যুত অন্তৰ্ভুক্ত কৰা হৈছে এই ব্যয়বহুল চিপ্চ। যাৰ দাম ১৬৮ পাউণ্ড অৰ্থাৎ প্ৰায় ১৬ হাজাৰ টকা।
ৰেষ্টুৰেণ্টখনে জানিবলৈ দিয়া মতে এই চিপ্চ তৈয়াৰ কৰিবলৈ চিপাৰবেক আলু ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াত ডম পেৰিগনন চেম্পেইন আৰু জে লেব্লাংক ফ্ৰেঞ্চ চেম্পেযইন আৰ্ডেন ভিনেগাৰ ব্যৱহাৰ কৰা হয়। লগতে এই চিপ্চত গুয়েৰাণ্ডে ট্ৰাফেল ছল্ট আৰু আৰ্বানি গ্ৰীষ্মকালীন ট্ৰাফেল তেলো ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ উপাদান অতি ব্যয়বহুল। ইয়াৰ উপৰিও পৰিবেশন কৰাৰ সময়ত এই চিপ্চবোৰৰ ওপৰত ছটিয়াই দিয়া হয় সোণৰ গুড়ি । ইয়াৰ বাবেই বিশ্বৰ অন্যান্য চিপ্চৰ তুলনাত ই হৈ পৰিছে অধিক ব্যয়বহুল ।