‘ জয়েশভাই যোৰদাৰ’ ছবিখনত ৰণবীৰ সিঙে এইবাৰ এক সুকীয়া চৰিত্ৰ ৰূপায়ণ কৰিছে । ছবিখনত তেওঁৰ গৰ্ভৱতী পত্নীৰ সৈতেএজন পলাতক গুজৰাটী ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিছে । তেওঁৰ দেউতাক আৰু গাৱঁৰ গাওঁবুঢ়াৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় তথা শক্তিশালী অভিনেতা বুমন ইৰাণীয়ে ৷ ছবিখনত এজন পুৰুষ উত্তৰাধিকাৰী আৰু এজন সম্ভাৱ্য গাওঁবুঢ়া হ’বলৈ দাবী কৰে পলাতক গুজৰাটী ব্যক্তিৰ অভিনয় কৰা ৰণবীৰ সিঙে । ‘জয়েশভাই যোৰদাৰ’ৰ ট্ৰেইলাৰে বিদ্বেষ, কন্যা ভ্ৰূণ হত্যা আৰু লিংগ বৈষম্যক প্ৰতিফলিত কৰি ইতিমধ্যেই দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
শেহতীয়াকৈ পদ্মাৱত, চিম্বা, ৮৩ আদিৰ দৰে বহুকেইখন জনপ্ৰিয় ছবিত শক্তিশালী চৰিত্ৰত অভিনয় কৰা ৰণবীৰে এইবাৰ এই চৰিত্ৰত অভিনয় কৰিছে। জয়েশভাই যোৰদাৰত, তেওঁ তেওঁৰ পত্নীক বচাবলৈ তেওঁৰ দেউতাক, সমাজ আৰু আনকি নিজৰ দুৰ্বলতাৰ সৈতেও যুঁজ দিছে ৷ তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে শালিনী পাণ্ডেয়ে , যি ছবিখনত দ্বিতীয় বাৰৰ বাবে গৰ্ভৱতী।
যশ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত ‘জয়েশভাই যোৰদাৰ’ ছবিখনৰ যোগেদি অৰ্জুন ৰেড্ডী ,শালিনী পাণ্ডেয়ে বলীউডত আত্মপ্ৰকাশ কৰিব। ছবিখনত ৰত্ন পাঠক শ্বাহেও অভিনয় কৰিছে। ১৩ মে’ত মুক্তি লাভ কৰিব ‘জয়েশভাই যোৰ্দাৰ’ ছবিখনে।