বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ বিয়া। এইবাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে অভিনেত্ৰী গৰাকীয়ে । ১৩ মে’ত আম আদমী পাৰ্টিৰ নেতা তথা সাংসদ ৰাঘৱ চাদ্দাৰৰ সৈতে বাগ্দান হৈছিল অভিনেত্ৰীগৰাকীৰ। এইবাৰ বিয়াৰ সময়। পৰিনীতি আৰু ৰাঘৱে চলিত মাহত বিবাহপাশত আৱদ্ধ হ’ব ৷ ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত বিবাহপাশত আবদ্ধ হ’ব তাৰকা দম্পত্তীহাল । বিয়ালৈ মাত্ৰ ১০ দিন বাকী। এই মুহূৰ্তত বিবাহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ইফালে পৰিনীতি আৰু ৰাঘৱৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছ’চিয়েল মিডিয়াত ফাদিল হৈছে ৷ ২৩ ছেপ্টেম্বৰত দুপৰীয়াৰ পৰা ‘ৱেলকাম লাঞ্চ’ৰ জৰিয়তে বিবাহ অনুষ্ঠান আৰম্ভ হ’ব। উদয়পুৰৰ তাজলীলা পেলেচত আয়োজন কৰা হৈছে ৰাঘৱ আৰু পৰিনীতিৰ বিয়া।
অহা ২৩ ছেপ্টেম্বৰত দিনৰ ১২ বজাৰ পৰা বিয়লি ৪ বজালৈ ‘ৱেলকাম লাঞ্চ’ হ’ব। ইয়াৰ পিছত ৯০ দশকৰ থিম পাৰ্টিৰ আয়োজন কৰা হয়। সেইদিনা সম্পূৰ্ণ হ’ব পৰিনীতিৰ ‘ক্লাইমেক্স চেৰেমনি’। পিছদিনা অৰ্থাৎ ২৪ ছেপ্টেম্বৰত ৰাঘৱৰ ‘ছেহৰাবন্দী’ৰে বিবাহ অনুষ্ঠান আৰম্ভ হ’ব। বিয়লি ৩.৩০ বজাৰ ভিতৰত পৰিনীতি আৰু ৰাঘৱৰ বিবাহ সম্পন্ন হ’ব। বিয়াৰ দিনা সন্ধিয়া তাজলীলা প্ৰাসাদত নৱবিবাহিত সকলৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব। অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানকে ধৰি বহু ৰাজনৈতিক ব্যক্তিয়ে এই অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বলীউডৰ পৰা পৰিনীতিৰ বিবাহ অনুষ্ঠানত কাক দেখা যাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
ছবিৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন এজেন্সীৰ সৈতে হোৱা চুক্তিলৈকে সকলো কাম সম্পূৰ্ণ কৰি পৰিনীতিয়ে মাত্ৰ বিয়াৰ প্ৰস্তুতি চলাইছে। আনহাতে ৰাজনৈতিক ক্ষেত্ৰখনৰ সকলো দায়িত্ব চম্ভালি ৰাঘৱ বিবাহৰ বাবে সাজু। ১৩ মে’ত পৰিনীতিয়ে দিল্লীৰ কাপুৰথালা হাউচত ব্যক্তিগত পৰ্যায়ত ৰাঘৱৰ সৈতে আঙঠি বিনিময় কৰে। শুনা গৈছে যে উদয়পুৰত বিয়াৰ পিছত এই দম্পতীহালে দিল্লী আৰু মুম্বাইতো অভ্যর্থনা আয়োজনৰ পৰিকল্পনা কৰিছে।