বৰ্তমান সময়ত ভাৰতবৰ্ষৰ এগৰাকী জনপ্ৰিয় অভিনেতা শ্বালিন ভানোট ৷ বেছিভাগ অভিনেতাৰ দৰেই শ্বালিন ভানোটো ভাৰতৰ এখন সৰু চহৰ জবলপুৰৰ পৰা চলচ্চিত্ৰ নগৰীলৈ আহিছিল তেওঁৰ সপোনৰ পম খেদি ।
যদিও অভিনেতাজন এটা সন্মানীয় আৰু প্ৰসিদ্ধ পৰিয়ালৰ সন্তান তথাপি তেওঁ মুম্বাইলৈ অহাৰ পিছত দুৰ্ঘটনাক্ৰমে অভিনয় জগতখনত সোমাই পৰিছিল ৷ কিন্তু অভিনয় জগতখনত খোজ দিয়াৰ আগতে কিশোৰ অৱস্থাত তেওঁ সাধাৰণ লোকৰ দৰে জীৱনটোক ওচৰৰ পৰা জানিবলৈ কিছুমান আচৰিত আচৰিত কাম কৰিছিল।
বৰ্তমান সময়ত ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ-বচ ১৬ত অংশ গ্ৰহণ কৰি ভাৰতত আগতকৈও অধিক জনপ্ৰিয় হৈ পৰা শ্বালিনে আন এগৰাকী প্ৰতিযোগী প্ৰিয়ংকাৰ সৈতে চিকিৎসাজনিত অৱস্থাক লৈ সৃষ্টি হোৱা হোৱা এক উত্তেজিত পৰিবেশৰ পিছত ক্ষণিকৰ খঙৰ ঢৌত বিগ বছৰ তাকিয়া কালাম ব্যৱহাৰ কৰি ‘আউকাত’ শব্দটো প্ৰয়োগ কৰিছিল যিটো ‘বিগ-বচ’ৰ প্ৰতিটো ছিজনৰ প্ৰায় প্ৰতিজন প্ৰতিযোগীয়েই কোনোবা নহয় কোনোবা এটা সময়ত ব্যৱহাৰ কৰি আহিছে ৷
অৱশ্যে ইয়াৰ পিছত প্ৰিয়ংকাই বিষয়টো শেষ কৰিব খোজা নাছিল যদিও শ্বালিন শান্ত হৈ পৰে আৰু প্ৰিয়ংকাই এই শব্দটো ব্যৱহাৰ কৰাৰ বাবে শ্বালিনক ঠাট্টা কৰে। কিন্তু ইয়াৰ পিছত শ্বালিনে স্বীকাৰ কৰে যে ১৮ বছৰ পূৰ্বে তেওঁ জীৱনৰ প্ৰথমটো চাকৰিৰ বাবদ কলেজৰ বাহিৰত বিক্ৰেতা হিচাপে প্ৰতিদিনে ড্যুকৰ চোডাৰ বটল বিক্ৰী কৰিছিল আৰু প্ৰতিদিনে ৯০ টকাকৈ অৰ্জন কৰিছিল ৷ জীৱন সংগ্ৰাম কি তেওঁ নিজ চকুৰে দেকিছে আৰু সেইকাৰণেই তেওঁ ‘আউকাত’শব্দটোৰ গুৰুত্ব বুজি পায় ।