মণি ৰত্নমৰ বহু প্ৰতীক্ষিত ছবি ‘প’ন্নিয়িন চেলৱন ১’এ ৩০ ছেপ্টেম্বৰ, শুক্ৰবাৰে মুক্তি লাভ কৰিব ।সেয়েহে সমগ্ৰ দেশৰ চলচ্চিত্ৰ প্ৰেমীসকল চলচ্চিত্ৰখন চাবলৈ ব্যাকুল হৈ পৰিছে, কিয়নো মণি ৰত্নমৰ বহু চলচ্চিত্ৰই অতীতত পৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।
ইফালে মুক্তিৰ আগতেই ছবিখনক লৈ সমস্যাত পৰিছে থিয়েটাৰ মালিক সকল । তথ্য অনুসৰি, ‘প’ন্নিয়িন চেলৱন ১’ৰ মুক্তিৰ আগতেই সমস্যাৰ সন্মুখীন হৈছে কানাডাৰ হেমিল্টন, কিচনাৰ আৰু লণ্ডনৰ দৰে ভাৰতৰ বাহিৰৰ চহৰৰ থিয়েটাৰ মালিকসকল ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ‘কে ডব্লিউ টকিজ’ৰ বিদেশী বিতৰণকাৰী সকলে টুইটাৰযোগে প্ৰকাশ কৰিছে যে ”প’ন্নিয়িন চেলৱন ১’ৰ’ স্ক্ৰীণিঙৰ ক্ষেত্ৰত তেওঁলোকে ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছে। আনহাতে ভাবুকিপূৰ্ণ ইমেইলটোৱে দেশত মণি ৰত্নমৰ চলচ্চিত্ৰ মুক্তিক লৈ ছবিগৃহত হুলস্থূলৰ সৃষ্টি কৰিব বুলিও দাবী কৰিছে তেওঁলোকে।
‘কে ডব্লিউ টকিজ’ৰ এটি টুইটত কোৱা হৈছে যে ,’মোৰ ওচৰত হেমিল্টন,কিচনৰ আৰু লণ্ডনৰ পৰা পোৱা আপদেট আছে ৷ সকলো থিয়েটাৰ মালিককে ধমকি দিয়া হৈছে যে যদি তেওঁলোকে ‘পিএছ১ ‘তামিল বা ‘কে ডব্লিউ টকিজ’ৰ এখনো চলচ্চিত্ৰ চলাই তেন্তে আক্ৰমণ কৰা হ’ব ।
অৱশ্যে তামিল ছবিৰ ক্ষেত্ৰত কানাডাৰ কিছু গোটৰ ভাবূকি একেবাৰে নতুন কথা নহয় ৷ কাৰণ যোৱা বছৰ নৱেম্বৰত অণ্টাৰিঅ’ত দুলকুৱেৰ চলমান অভিনীত মালায়ালম চলচ্চিত্ৰ ‘কুৰুপ’ প্ৰদৰ্শিত হৈছিল। সেই সময়ত ‘কুৰুপ’ প্ৰদৰ্শিত হোৱা ৰিচমণ্ড হিল আৰু ওকভিলৰ দুটাকৈ চিনেপ্লেক্সত চলচ্চিত্ৰৰ পৰ্দা কাটি দিয়া হৈছিল । সেইবাৰ ছবিগৃহৰ চাৰিখনকৈ পৰ্দা ক্ষতিগ্ৰস্ত হৈছিল।
জানিব পৰ মতে ছবিখনত দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰিছে ঐশ্বৰ্য ৰায়ে ৷ তামিল ভাষাৰ মহাকাব্যিক চলচ্চিত্ৰখনৰ কাহিনী ঔপন্যাসিক কল্কি কৃষ্ণমূৰ্তিৰ একে নামৰ তামিল উপন্যাসৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনত ঐশ্বৰ্য ৰায় বচ্চনৰ ওপৰিও চিয়ান বিক্ৰম, তৃষা কৃষ্ণন, কাৰ্তি, জয়ম ৰবি, পাৰ্থীবান, সোভিতা ধুলিপালা আদি অভিনয় শিল্পী সকলে সুন্দৰ অভিনয় কৰিছে।
মণি ৰত্নম পৰিচালিত ছবিখনে শুক্ৰবাৰে মুক্তি লাভ কৰিব। ‘মাদ্ৰাজ টকিজ’ৰ দ্বাৰা নিৰ্মিত , ‘প’ন্নিয়িন চেলৱন ১’ৰ জৰিয়তে প্ৰায় এটা দশকৰ পিছত তামিল চলচ্চিত্ৰলৈ উভতি আহিছে জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। চলচ্চিত্ৰখনত, অভিনেত্ৰীগৰাকীক নন্দনী আৰু তেওঁৰ মূক মাতৃ মন্দাকিনী দেৱীৰ দ্বৈত চৰিত্ৰত দেখিবলৈ পাব দৰ্শকে।গুৰুত্বপূৰ্ণ যে ছবিখন দুটা ভাগত মুক্তি দিয়া হ’ব আৰু ইয়াৰ ব্যয় ৫০০ কোটি টকা।