সামাজিক মাধ্যমত বহুল ভাৱে সমাদৃত হৈছে জনপ্ৰিয় তাৰকা দম্পতী বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ কন্যা দেৱীৰ এটি আকৰ্ষণীয় ভিডিঅ’ ৷
তাৰকা দম্পতী বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ যোৱা নৱেম্বৰ মাহত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। দম্পতীহালে নিজৰ কন্যাৰ নাম ৰাখিছে দেৱী ৷ শিশুটিৰ সম্পূৰ্ন নাম দেৱী বসু সিং গ্ৰভাৰ৷ বৰ্তমান সময়ত প্ৰায়ে ছ’চিয়েল মিডিয়াত তেওঁলোকে সন্তানৰ ফটো,ভিডিঅ’ শ্বেয়াৰ কৰে।
শেহতীয়াকৈ বিপাশাই দেৱী শুবলৈ লোৱা সময়ৰ এটা আকৰ্ষণীয় ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰিছিল যিয়ে সকলোৰে হৃদয় জয় কৰিছে।ভিডিঅ’টোত কৰণে দেৱী শুৱাবলৈ হনুমান চলিছা পাঠ কৰিছে আৰু বিপাশাই কন্যা দেৱী আৰু কৰণৰ এই বিশেষ মুহূৰ্ত নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত কৰণে দেৱীক মৰমেৰে হনুমান চলিছা পাঠ কৰি শুনোৱা দেখা গৈছে, যাৰ উত্তৰত দেৱীয়ে খিলখিলাই বিভিন্ন শব্দৰে সঁহাৰি জনাইছিল আৰু দেউতাকক মৰম কৰিছিল।
ভিডিঅ’টো ইমানেই হৃদয়স্পৰ্শী আছিল যে অনলাইন অনুৰাগীসকলে লগে লগে অভিভাৱকসকলক প্ৰশংসাৰে বুৰাই পেলাইছে।
ভিডিঅ’টোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “বেডটাইম ৰিচুৱেলছ পাপা, মামা, দেৱী।”
উল্লেখনীয় যে কিছুদিন পূৰ্বে বিপাশাই নেহা ধুপীয়াৰ সৈতে ইনষ্টাগ্ৰাম লাইভ চেটত দেৱীৰ চিকিৎসাজনিত অৱস্থাৰ বিষয়ে মুকলিকৈ কৈছিল। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকৰ যাত্ৰা যিকোনো স্বাভাৱিক অভিভাৱকতকৈ বহুত বেলেগ। তেওঁ কোনো মাতৃৰ লগত এনেকুৱা হোৱাটো নিবিচাৰে৷তেওঁৰ কেঁচুৱাটো জন্ম হোৱাৰ তৃতীয় দিনাই তেওঁ গম পাইছিল যে তেওঁলোকৰ ছোৱালীজনীৰ হৃদয়ত দুটা ছিদ্ৰ আছে।সেইসময়ত তেওঁ ভাবিছিল যে তেওঁ এই কথা কাকো নকয় , কিন্তু অৱশেষত তেওঁ এই কথা শ্বেয়াৰ কৰো।
কাৰণ তেওঁ ভাবে যে বহুত এনে মাতৃ আছে যি এই যাত্ৰাত তেওঁক সহায় কৰিব পাৰিব যদিও সেই মাতৃসকলক বিচাৰি পোৱাটো তেওঁৰ বাবে বৰ কঠিন ।