দেশৰ আতাইটকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ”হাতী বন্ধু” ।অহা নবেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা গোৱাত এই মহোৎসৱ অনুষ্ঠিত হ’ব। ইতিমধ্যে হাতী বন্ধু তথ্য চিত্ৰ খন বিশ্বৰ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ সুখ্যাতি অৰ্জন কৰিছে। মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-MIFF, কেৰেলা ৰ আন্তৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ-IDSFFK , লণ্ডন ইণ্ডিয়া ফিল্ম ফেষ্টিভেল-LIFF, ৰাছিয়াৰ কাজান ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেল আদি উল্লেখযোগ্য।
এই তথ্য চিত্ৰ খনৰ মূল বিষয় হ’ল হাতী মানুহৰ সংঘাট ।এই সংঘাট বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা।এই সংঘাট ৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এটা নিয়মীয়া ঘটনাত পৰিগনিত হৈছে।
এনে এক জীয়া সমস্যা ৰ পোনপ্ৰথম বাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞা ৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাট ৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱা দেখা গৈছে।
এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ “হাতী বন্ধু”। অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত হাতী বন্ধু ৰ ইংৰাজী ত নাম ৰখা হৈছে Friends of Elephant.
“ব্ৰিজ” চিনেমা খনেৰে ৰাষ্ট্ৰীয়- আন্তৰাষ্টীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতা ই হাতী বন্ধু ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰ খনৰ প্ৰযোজনা কৰিছে সবিতা দেবীয়ে।
হাতী বন্ধু ৰ ইংৰাজী ধাৰা বিবৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই আৰু নয়ন প্ৰসাদে অসমীয়া ত ধাৰা বিবৰনি দিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভা। মুম্বাই ৰ কেনেৰিজ প’ষ্ট ছাউণ্ড ষ্টুডিঅ’ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে। সম্পাদনা কৃপাল কলিতা,ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ কাশ্যপ ।শব্দ গ্ৰহন গুনজীৎ শৰ্মা। এনিমেছন ভাস্কৰ শইকীয়া,গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ। উল্লেখযোগ্য যে হাতী বন্ধু ৰ পূৰ্বে কৃপাল কলিতা ৰ “ব্ৰিজ” চিনেমা খনো এই মহোৎসৱলৈ নিৰ্বাচিত হৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।