ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰথম বিশ্বকাপ জয়ৰ ঐতিহাসিক মুহুর্তক জীৱন্ত কৰি নির্মাণ কৰা বহু প্ৰতীক্ষিত ৮৩ নামৰ ছবিখনে মুক্তিৰ প্ৰথম দিনটোতে দর্শকৰ সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ কালি দেশজুৰি মুক্তি লাভ কৰা ছবিখনে প্ৰথম দিনটোতে উপার্জন কৰিছে ১৫ কোটি টকা৷ পৰৱর্তী সময়ত ছবিখনে অধিক উপার্জন কৰিব বুলি আশা কৰা হৈছে ৷ বিশেষকৈ আজি বৰদিন উপলক্ষে ছবিখনৰ উপার্জন যথেষ্ট বৃদ্ধি পাব বুলি ভবা হৈছে ৷
উল্লেখ্য যে এই ছবিখনৰ মুল চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে ৷ ৰণবীৰৰ বিপৰীতে ছবিখনত অভিনয় কৰিছে মোহময়ী দীপিকা পাডুকনে ৷ ক্ৰিকেট কিংবদন্তী কপিল দেৱেও ছবিখনত ক্ষন্তেক সময়ৰ বাবে ভূমুকি মাৰিছে ৷ আনহাতে, ছবিখনত কপিল দেৱৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে নীনা গুপ্তাই ৷