অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে তেওঁলোকৰ জীয়েক ভামিকাৰ প্ৰথম জন্মদিন উদযাপন দক্ষিণ আফ্ৰিকাত কৰে। আয়োজক ৰাষ্ট্ৰৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত বিৰাটে টীম ইণ্ডিয়াৰ হৈ খেলি থকাৰ বাবে পৰিয়ালটো বায়’ বাব্ল ত আছে। অৱশ্যে অনুষ্কাই নিশ্চিত কৰিছে যে ভামিকাৰ জন্মদিন সকলো ধৰণে নিখুঁত আছিল।