‘কাঁ চলচিত্ৰ মহোৎসৱ ২০২২’ ৰ পৰা উভতি আহিয়েই আকবৰ শ্বাহপুৰৱালাক হেৰুওৱাই শোক প্ৰকাশ কৰিছে অভিষেক বচ্চনে ৷
২০২২ চনৰ কাঁ মহোৎসৱৰ পৰা ঘৰলৈ উভতি আহিল বলীউডৰ জনপ্ৰিয় অভিনেতা অভিষেক বচ্চন । কিন্তু আহিয়েই এজন অন্তৰংগ বন্ধুৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে অভিনেতা গৰাকীক ৷সেয়েহে অভিষেকে তেওঁৰ বন্ধু আকবৰ শ্বাহপুৰৱালাৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা দীঘলীয়া টোকা লিখিছে ।
তেওঁৰ বন্ধু আৰু বিখ্যাত চুট ষ্টাইলিষ্ট আকবৰ শ্বাহপুৰৱালাক হেৰুওৱাৰ বাবে অভিষেক বচ্চনে ইনষ্টাগ্ৰামত শোক প্ৰকাশ কৰিছে। অভিনেতাজনে অলপতে কাঁ মহোৎসৱত অংশগ্ৰহণ কৰিছিল কিন্তু বন্ধুৰ মৃত্যুৰ খবৰ পাই তেওঁ ঘৰলৈ উভতি আহিছিল। শোক প্ৰকাশ কৰি অভিষেকে এটা দীঘলীয়া টোকা লিখিছিল আৰু উল্লেখ কৰিছিল যে, আকবৰে তেওঁৰ প্ৰথম চুটযোৰ তৈয়াৰ কৰিছিল।
আকবৰ শ্বাহপুৰৱালা চলচ্চিত্ৰ জগতৰ এজন কিংবদন্তীৰ আছিল বুলি মন্তব্য কৰিছে অভিষেকে। অভিনেতা গৰাকীয়ে তেওঁক আক্কি খুৰা বুলি মাতিছিল । বহুতো চলচ্চিত্ৰত তেওঁৰ দেউতাক অমিতাভ বচ্চনৰ পোছাক আৰু তেওঁৰ বেছিভাগ চুট তৈয়াৰ কৰিছিল। তেওঁ ব্যক্তিগতভাৱে ‘ৰিফিউজি’ৰ প্ৰিমিয়াৰত অভিষেকে পিন্ধা প্ৰথমযোৰ চুট তৈয়াৰ কৰিছিল (যি যোৰ এতিয়াও আছে)। তেওঁ কাৰোবাক সঁচাকৈয়ে ভাল পালেহে ব্যক্তিগতভাৱে চুট তৈয়াৰ কৰি দিছিল ৷
অভিনেতাজনে তেতিয়া আকবৰ শ্বাহপুৰৱালাৰ সৈতে থকা বহু স্মৃতি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল, “তেওঁ সদায় মোক কৈছিল যে “চুট কাটিবলৈ কেৱল টেইলাৰিং নহয়, ই এক আৱেগ। যেতিয়া আপুনি মোৰ চুট পিন্ধে, প্ৰতিটো চিলাই প্ৰেমেৰে তৈয়াৰ কৰা হয় আৰু মোৰ আশীৰ্বাদেৰে ভৰ্তি কৰা হয়”। মোৰ বাবে তেওঁ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ চুট নিৰ্মাতা আছিল! মই আজি ৰাতি আপুনি মোৰ বাবে বনোৱা চুট এযোৰ পিন্ধিম, আক্কি খুৰা আৰু ধন্য অনুভৱ কৰিম! শান্তিত থাকক।”
কৰণ জোহৰ আৰু এছ ডিজাইনাৰ মনীষ মালহোত্ৰাৰ দৰে বলীউডৰ তাৰকাসকলেও আকবৰ শ্বাহপুৰৱালাৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে ৷ তেওঁলোকে অভিষেকৰ আৱেগিক টোকাত মন্তব্য কৰি তেওঁলোকৰ শেষ শ্ৰদ্ধা ঞ্জলি জ্ঞাপন কৰিছে।