ভাৰতীয় চলচ্চিত্ৰ বিশ্বৰ সৰ্ববৃহৎ অনুষ্ঠান ‘আইফা’ৰ ২২তম সংস্কৰণ আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব এই মাহৰ সপ্তাহান্তত ৷ মধ্য প্ৰাচ্যৰ ভিতৰতে সৰ্ববৃহৎ অত্যাধুনিক ইনড’ৰ মনোৰঞ্জনৰ স্থান, ইতিহাদ এৰিনা যি আবু ধাবিৰ য়েছ আইলেণ্ডৰ য়েছ বে ৱাটাৰফ্ৰণ্টৰ অংশ ,এই ইতিহাদ এৰিনাতেই অনুষ্ঠিত হ’ব ‘আইফা’ৰ এই বৰ্ষৰ জাক জমকতা পূৰ্ণ অনুষ্ঠান ৷ আবু ধাবি (ডিচিটি আবু ধাবি), । সমগ্ৰ বিশ্বক একত্ৰিত কৰি চলচ্চিত্ৰ সমূহ প্ৰদৰ্শন কৰিবলৈ ২,৩ আৰু ৪ জুনত অনুষ্ঠিত কৰা হ’ব আইফা ২০২২।
এইবাৰৰ প্ৰদৰ্শনকাৰীৰ তালিকাত আছে জনপ্ৰিয় অভিনেতা অভিষেক বচ্চন আৰু জনপ্ৰিয় অভিনেত্ৰী তথা অভিষেকৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ নাম। এই সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয় যে ,”আইফাৰ ২২ তম সংস্কৰণৰ অংশ হ’বলৈ পাই মই আনন্দিত। আইফা বঁটাপ্ৰদান অনুষ্ঠানৰ অংশ হ’বলৈ মই সদায় উৎসাহী আৰু লক্ষণীয়ভাৱে ই হৈছে বিশ্বব্যাপী এনে এক অনুষ্ঠান যাৰ বাবে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ আৰু ইয়াৰ শুভাকাংক্ষী উভয়ে প্ৰতি বছৰে অপেক্ষা কৰে,” ।
২০০৬ চনত ঐশ্বৰ্যই দ্বিতীয় আইফা উদযাপন কৰিছিল, যেতিয়া ইউ.এ.ই.-ত প্ৰথমবাৰৰ বাবে ‘আইফা’ উদযাপন কৰা হৈছিল।
বিশ্বব্যাপী স্বীকৃত বচ্চন দম্পত্তীয়ে ‘কাঁ মহোৎসৱ’ৰ পিছতেই এইবাৰ আন এক ৰোমাঞ্চকৰ যাত্ৰা কৰিব আবু ঢাবীলৈ । কেইবাখনো জনপ্ৰিয় ছবি চৰকাৰ, চৰকাৰ ৰাজ আৰু যুৱক অভিনেতা অভিষেক বচ্চন অভিনীত চলচ্চিত্ৰসমূহ বহু বছৰ ধৰি আইফাত পুনৰীক্ষণৰ বাবে প্ৰস্তুতি চলি আছে। এইবাৰ আইফাৰ আটাইতকৈ স্মৰণীয় প্ৰদৰ্শন সমূহৰ ভিতৰত এটা হ’ব অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনে একেলগে অভিনয় কৰা ‘কাজৰাৰে’ৰ প্ৰদৰ্শন।