তেওঁৰ সংগীতৰ যাদুত সংগীত জগতখন মোহাচন্ন হৈ পৰে। চিনেমাৰ পৰ্দাতেই হওক বা মঞ্চতেই হওক – তেওঁ গান গালে অনুৰাগীক আৱেগে আৱৰি ধৰে। কেৱল এজন গায়ক নহয় অৰিজিৎ সিং বহুতৰে বাবে আৱেগিক নাম। অৰিজিতৰ কণ্ঠৰ মধুৰতাত গোটেই দেশ আকৰ্ষিত হৈ পৰিছে। কিশোৰ কিশোৰীৰ পৰা বৃদ্ধলৈকে সকলো অৰিজিতৰ অনুৰাগী ৷
সৰুতে তেওঁ সংগীত জগতত প্ৰৱেশ কৰিছিল। ২৪ এপ্ৰিলত ৩৭ বছৰ বয়সত তেওঁ ভৰি থলে ৷ইমান দিনে গান গাইছে যদিও তাৰ অভিব্যক্তিত তাৰকা সদৃশ অহংকাৰ নাই। বৰঞ্চ তেওঁ চলচ্চিত্ৰ জগতখনৰ লাইমলাইট আৰু গ্লেমাৰৰ পৰা আঁতৰি থকাটোৱেই বেছি পছন্দ কৰে। ব্যক্তিগত জীৱনো অত্যন্ত সাধাৰণ ৷ এনে নহয় যে তেওঁৰ সম্পত্তি কম। ধন-সম্পত্তি আৰু গ্লেমাৰৰ ক্ষেত্ৰত বলীউডৰ যিকোনো তাৰকাকে তেওঁ প্ৰত্যাহ্বান জনাব পাৰে ৷অৰিজিত মুঠ ৫৫ কোটি সম্পত্তিৰ মালিক৷ অৰিজিতৰ বাৰ্ষিক আয় ৬ কোটি টকা। তেওঁৰ ঘৰ মুৰ্ছিদাবাদ জিলাৰ জিয়াগঞ্জত। মুম্বাইত তেওঁৰ ৪টা ফ্লেট আছে। যাৰ দাম প্ৰায় ৯ কোটি টকা। ইয়াৰ বাহিৰেও শুনা যায় যে তেওঁৰ কেইবাখনো বিলাসী গাড়ী আছে। প্লেবেকৰ ক্ষেত্ৰত প্ৰতিটো গীতৰ বাবে পাৰিতোষিক প্ৰায় ৮-১০ লাখ। ইয়াৰ বাহিৰেও এটা লাইভ শ্ব’ৰ বাবে লোৱা ধনৰ পৰিমাণ সামান্য ভিন্ন হয় যদিও সেয়া প্ৰায় ৫০ লাখ টকা। বহুতে জানিব বিচাৰে এই বৃহৎ পৰিমাণৰ ধন কেনেকৈ খৰচ কৰিব? অৰিজিতে নিজৰ উপাৰ্জন বিলাসী জীৱনৰ বাবে নহয়, সমাজৰ মংগলৰ বাবে খৰচ কৰে।
অৰিজিতৰ নিজা স্বেচ্ছাসেৱী সংগঠনো আছে। জিয়াগাঞ্জত এখন উন্নত চিকিৎসালয় বনোৱাৰ কথাও ভাবিছে তেওঁ । কণ্ঠশিল্পীগৰাকীয়ে মুৰ্ছিদাবাদৰ মহামাৰীৰ সময়ত চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবেও ধন আগবঢ়াইছে। ইয়াৰ উপৰিও অৰিজিতে উপাৰ্জনৰ এক বৃহৎ অংশ জিয়াগঞ্জৰ চিকিৎসালয়ৰ উন্নয়ন, দৰিদ্ৰ শিশুৰ হৃদ চিকিৎসা আৰু সংগীত বিদ্যালয় নিৰ্মাণৰ কামত ব্যয় কৰিছিল। ইয়াৰ উপৰিও জিয়াগাঞ্জত বিনামূলীয়া ইংৰাজী শিক্ষাৰ প্ৰশিক্ষণো মুকলি কৰা হৈছে। তেওঁ বিভিন্ন সামাজিক পদক্ষেপতো অংশ লৈছিল। আচলতে অৰিজিতৰ একমাত্ৰ লক্ষ্য নিজৰ স্বাৰ্থ নহয়, সমাজৰ সামগ্ৰিক উন্নতিহে।