বলীউডৰ অভিনেত্ৰী টুনিছা শৰ্মাৰ আত্মহত্যাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰহস্য অব্যাহত আছে ৷ শ্বুটিংস্থলীতে চিপ লগাই আত্মহত্যা কৰা অভিনেত্ৰী গৰাকীৰ মাতৃয়ে এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ যাৰ ভিত্তিত প্ৰয়াত অভিনেত্ৰী গৰাকীৰ ‘বয়ফ্ৰেণ্ড’ আৰু সহ অভিনেতা শ্বীজান খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। টুনিছাক আত্মহত্যাৰ বাবে উচটনি দিয়া বুলি শ্বাহীনৰ বিৰুদ্ধে মাতৃয়ে অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত শনিবাৰে নিশা টুনিছাৰ মাতৃয়ে মুম্বাই আৰক্ষীক এজাহাৰ দাখিল কৰে।
‘আলিবাবা: দস্তান-ই কাবুল’ ছবিখনত টুনিছাৰ সহ অভিনেতা শ্বীজানক কন্যাক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ লিখিত অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে জেৰাৰ বাবে মাতে । ইয়াৰ পিছত দেওবাৰে পুৱা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ মোবাইল ফোনটোও আৰক্ষীয়ে জব্দ কৰিছে ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কন্যাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত মাকে অভিযোগ কৰিছিল যে টুনিছাৰ সৈতে অলপতে শ্বাহীনৰ ব্ৰেকআপ হৈছে। যাৰ বাবে মানসিক হতাশাত ভুগি অভিনেত্ৰী গৰাকীয়ে চৰম পথ বাছি ল’লে ৷ এই প্ৰসংগত আৰক্ষীয়ে শ্বীজানক জেৰা কৰে। ইয়াৰ পিছত অলপ সময়ৰ পিছতে আৰক্ষীয়ে আত্মহত্যাৰ বাবে উচটনি দিয়াৰ গোচৰত শ্বীজানক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ মতে, চেটত উপস্থিত থকা কলা কুশলী সকলকো সোধা-পোছাৰ বাবে তলব কৰা হ’ব।
শনিবাৰে শ্বুটিঙৰ চেটত আত্মহত্যা কৰিছিল বিশ বছৰীয়া টুনিছাই। সহকৰ্মীসকলে উদ্ধাৰ কৰিতেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ টুনিছাই শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ‘ভাৰত কা বীৰ পুত্ৰ: মহাৰাণা প্ৰতাপ’ ধাৰাবাহিকৰ পৰা অভিনয় জীৱন আৰম্ভ কৰে । ‘আলিবাবা: দস্তান-ই-কাবুল’ত ৰাজকুমাৰী মৰিয়মৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। তেওঁৰ আত্মহত্যাই সমগ্ৰ উদ্যোগটোক স্তম্ভিত হৈ পৰিছে। কেৱল টেলিভিছন ধাৰাবাহিকতে নহয়, ‘ফিতুৰ’, ‘বাৰ বাৰ দেখো’, ‘কহানী ২’, ‘দুৰ্গা ৰাণী সিং’, ‘দবাং ৩’ আদি ছবিতো টুনিছাক দেখা গৈছিল। ফিতুৰ আৰু বাৰ বৰ দেখো ছবিত কেটৰিনাৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰিছিল টুনিছাই। কলাৰ্ছ টিভিত তেওঁৰ ধাৰাবাহিক ‘ইণ্টাৰনেট ৱালা লাভ’-এ দৰ্শকৰ হৃদয় চুই গৈছিল।