ভাৰত আৰু পাকিস্তানত বাস কৰা দুজন প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত বলীউডৰ জনপ্ৰিয় ছবি ‘গডৰ’ ৷ ছবিখন আজিও সমানেই জনপ্ৰিয় চলচিত্ৰ প্ৰেমী সকলৰ মাজত ৷ যিখন ছবিয়ে এসময়ত কেৱল ডাঙৰ পৰ্দাতে নহয় বক্স অফিচতো খলকনি তুলিছিল।
ছবিখনত তাৰা সিং আৰু ছাকিনাৰ কাহিনীয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল।জনপ্ৰিয় বলীউড তাৰকা চানি দেউল আৰু অমীশা পেটেলৰ অভিনয়ে মুগ্ধ কৰিছিল দৰ্শকক ৷ কিন্তু এইবাৰ ২২বছৰৰ অন্তত পুনৰবাৰ ৰূপালী পৰ্দাৰ বাবে সাজু হৈছে চলচিত্ৰখনৰ দ্বিতীয় সংস্কৰণ ৷ পুনৰবাৰ তাৰা সিং আৰু ছাকিনাক চাবলৈ আগ্ৰহী হৈ পৰিছে দৰ্শক।
‘গডৰ’ মুক্তি পোৱাৰ ২২ বছৰৰ পাছত এতিয়া ‘গডৰ ২’ নিৰ্মাণ কৰা হৈছে। এই ছবিখনত আকৌ এবাৰ তাৰা সিং অৰ্থাৎ ছানী দেউল আৰু ছাকিনা অৰ্থাৎ অমিশা পেটেলক একেলগে দেখা যাব।
অৱশ্যে ছবিখনে মুক্তি লাভ কৰাৰ আগতেই শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে অভিনেত্ৰী অমিশা পেটেল। এই ভিডিঅ’টোত তেওঁ নিজৰ ভিন্ন ষ্টাইলেৰে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিকিনি আৰু ব্ৰেলেট পিন্ধি অমীশা পেটেলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’ দেখি থতমত খাইছে চানি দেউলেও ।
অৱশ্যে অভিনয়ৰ সমান্তৰালকৈ অমীশা পেটেল ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয়। বিকিনি পোষ্টেৰে ভৰি আছে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট ৷ তেওঁৰ অনুৰাগীসকলেও বৰ ভাল পায় তেওঁৰ প্ৰতিটো পোষ্ট ।
এইবাৰ ‘গডৰ-২’ ছবিখনৰ বাবেও সেয়ে অধীৰ আগ্ৰহেৰে বাট চাইছে তেওঁৰ অনুৰাগী সকলে ৷