বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে এইবাৰ তেলেগু ছবিত অভিনয় কৰিব। ইয়াৰ পূৰ্বে অক্ষয়ে দেশৰ কেইবাখনো আঞ্চলিক ভাষাৰ ছবিত অভিনয় কৰিছিল। ২০১৩ চনত অক্ষয়ে পাঞ্জাবী ছবি ‘ভাজী ইন প্ৰব্লেম’ত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৮ চনত ৰজনীকান্ত আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে তামিল ছবি ‘টু পইণ্ট অ’ত চৰিত্ৰত অভিনয় কৰিছিল অক্ষয়ে ৷ এইবাৰ তেওঁ তেলেগু ছবিত অভিনয় কৰিব। ছবিখনৰ নাম ‘কন্নপ্পা’। ছবিখনৰ পৰিচালনা কৰিছে মুকেশ কুমাৰ সিঙে ।
এই ছবিখনত অক্ষয়ৰ চৰিত্ৰ কেনেকুৱা হ’ব সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই নিৰ্মাতাসকলে। ছবিখনত অভিনয় কৰিবলগীয়া বিষ্ণু মাঞ্চু নিজৰ ছ’চিয়েল মিডিয়া পেজত ছবিখনত অক্ষয়ৰ উপস্থিতি নিশ্চিত কৰিছে। নিজৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত অভিনেতাজনে লিখিছে, ‘ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ সৈতে এইবাৰ আমাৰ যাত্ৰা আৰু অধিক আকৰ্ষণীয় হ’ব। ‘কান্নপ্পা’ৰ সৈতে তেলেগু ভাষাত অভিষেক ঘটোৱাৰ কথা ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছো।” পোষ্টটো শ্বেয়াৰ কৰি অক্ষয়ে লিখিছে, “এনে আদৰণি জনোৱাৰ বাবে বিষ্ণু মাঞ্চুক ধন্যবাদ ৷”
শিৱৰ ভক্ত কান্নপ্পাক কেন্দ্ৰ কৰি ছবিখন নির্মাণ কৰা হ’ব বুলি নিৰ্মাতাসকলে কৈছে। ছবিখনত মোহনলাল আৰু প্ৰভাসে কেমিও চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত মধু আৰু মোহনবাবুৰ দৰে দক্ষিণৰ কেইবাগৰাকীও তাৰকাও আছে। একাধিক ভাৰতীয় ভাষাত মুক্তি পাব ছবিখন।