সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তিনি বছৰৰ পাছত অভিনেতা গৰাকীৰ প্ৰিয়জনৰ মৃত্যু হৈছে । অৱশ্যে অভিনেতা জনৰ কোনো প্ৰিয় ব্যক্তিৰ মৃত্যু হোৱা নাই ৷ মৃত্যু হৈছে তেওঁৰ প্ৰিয় কুকুৰটোৰ ৷ সুশান্তৰ ভনীয়েকে এই কথা প্ৰকাশ কৰিছিল ৷ সুশান্তৰ অত্যন্ত মৰমৰ আছিল কুকুৰটো ৷ অভিনেতা গৰাকীৰ মৃত্যুৰ ৩ বছৰৰ পাছত ফাজৰ মৃত্যু হয়। সুশান্তৰ মৃত্যুৰ পিছত অভিনেতাজনৰ পৰিয়ালে কুকুৰটোৰ প্ৰতিপালন কৰিছিল ৷
অভিনেতা গৰাকীৰ জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকাই ফাজৰ মৃত্যুৰ খবৰ দি লিখিছে , “অৱশেষত বন্ধুক স্বৰ্গত লগ পাব, আমিও অতি সোনকালে তোমাৰ ওচৰলৈ যাম ৷ তেতিয়ালৈকে অপেক্ষা কৰক।”
এই দিশত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কৌতুকে শেহতীয়াকৈ নতুন ৰূপ লৈছে। প্ৰায় ডেৰ-দুবছৰৰ পাছত সুশান্তৰ মৃত্যুৰ ফাইলপুনৰ খোল খাইছে। শেহতীয়াকৈ কুপাৰ হাস্পতালৰ এজন কর্মচাৰীয়ে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁ দাবী কৰিছিল যে সুশান্তক হত্যা কৰা হৈছে। যাক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে।